Congress leader Manjit Mahanta Passes Away : বিশিষ্ট সাংবাদিক, ৰাজনীতিবিদ মনজিত মহন্তৰ পৰলোকপ্ৰাপ্তি
নিউজ ডেস্ক, ১০ জুলাই : প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক তথা কংগ্ৰেছ নেতা মনজিৎ মহন্তৰ দেহাৱসান (Congress leader Manjit Mahanta Passes Away) ৷ গুৱাহাটীৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই ৷ কংগ্ৰেছৰ মিডিয়া বিভাগৰ আহ্বায়ক আছিল মনজিৎ মহন্ত ৷দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকা মনজিৎ মহন্তক প্ৰথমে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
তাৰ পাছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটনাত নেমকেয়াৰ হাস্পতালতেই আই চি ইউত কিছু দিন চিকিৎসাধিন অৱস্থাত আছিল । অৱশ্যে ইয়াৰ পাছত তেওঁক জি এম চি এইছলৈ স্থানান্তৰিত কৰা হয়। অৱশেষত জি এম চি এইছতে তেওঁ সোমবাৰে পুৱতি নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
সাংবাদিকতাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা মনজিৎ মহন্তই সম্প্ৰতি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল(Congress leader Manjit Mahanta) ৷ সক্ৰিয় ৰাজনীতিলৈ অহাৰ পূৰ্বে অসমীয়া সংবাদ মাধ্যমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল তেওঁ ৷
ৰাজনীতিলৈ অহাৰ পূৰ্বে অসমীয়া প্ৰতিদিন আৰু অধুনালুপ্ত আজিৰ অসম কাকতত কাৰ্যবাহী সম্পদকৰ দায়িত্বত আছিল মনজিৎ মহন্ত । ইয়াৰ উপৰি কেইবাটাও বৈদ্যুতিন মাধ্যমৰ চেনেলৰ মুখ্য সম্পাদকৰূপে দায়িত্ব পালন কৰিছিল মনজিৎ মহন্তই ৷ অগপ নেতৃত্বাধীন প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়খন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও বিজেপিৰ অতুল বৰাৰ হাতত তেওঁ পৰাস্ত হয় । কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে তেওঁ আঞ্চলিক গণ মঞ্চ নামৰ এক ৰাজনৈতিক মঞ্চৰ নেতৃত্ব দিছিল ।
ইয়াৰ পিছত তেওঁ ২০২১-ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ।