Congress Joining Program : বুধাবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী

নিউজ ডেস্ক,১০জুলাই : বুধাবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ ।
আজি এই যোগদান কাৰ্যসূচীত ডিব্ৰুগড়, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ২০ গৰাকী সদস্যই কংগ্ৰেছ দলত যোগদান কৰে । ভূপেন বৰাই আদৰণি জনায় ২০ গৰাকী সদস্যক(Congress Joining Program) ।
আজি কংগ্ৰেছত যোগদান কৰে আপৰ সদস্য ৰাজেন্দ্ৰ নাথ, অমৃত কুমাৰ বৰুৱা, বিমল হাজৰিকা, নীলকান্ত, কাৰ্তিক শইকীয়া, অজিত মুণ্ডা আদিয়ে ।
কংগ্ৰেছকৰ যোগদান কাৰ্যসূচীৰ সভাত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “যোৱা সময়ছোৱাত আমাৰ দলত যোগদান বৃদ্ধি পাইছে । বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আমাৰ দল যোগদান কৰি আহিছে । দলৰ শক্তি বৃদ্ধিত সহায় কৰিছে । সকলো ৰাজনৈতিক দলৰ দেশৰ হকে কাম কৰিব বিচৰা কৰ্মীৰ বাবে কংগ্ৰেছৰ দুবাৰ খোলা আছে ।”
তেওঁ আৰু লগতে কয়, দলে পুৰণা কংগ্ৰেছীক আদৰিবলৈ সাজু আছে । কিন্তু যিসকল কংগ্ৰেছী বি জে পিলৈ গৈছে সেইসকলক বাদ দি সকলোৰে বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে । তেওঁ জনাই যে কেবাগৰাকীও বি জে পি নেতাই কংগ্ৰেছত যোগদান কৰাৰ বাবে সাজু হৈ আছে । এই সন্দৰ্ভত অহা ১৫-১৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সভাত এই সিদ্ধান্ত লোৱা হ’ব(Congress Joining Program) ।
লগতে পঢ়ক : Man goes Missing : নগাঁৱৰ পৰা নিৰুদ্দেশ ই-ৰিক্সা চালক