Local, Vocal, Global

Congress-AIUDF-BPF ক খীৰাই থাকিলেও গাখীৰ নোলায়

উজনিৰ পাছত নামনিত উপ–নির্বাচনৰ মাৰাথন প্রচাৰ অভিযানত নামি পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– পাঁচোটা সমষ্টিতেই বিজেপি মিত্রজোঁটৰ জয় নিশ্চিত৷ আজি গোসাঁইগাঁও–তামুলপুৰ সমষ্টিত প্রচাৰ চলাই ভোটাৰ ৰাইজক নাঙল, তলা–চাবি আৰু হাতক গংগাধৰ নৈত পেলাই দিবলৈ আহ্বান জনালে৷ গোসাঁইগাঁৱত ইউ পি পি এলৰ প্রার্থী জিৰণ বসুমতাৰী আৰু তামুলপুৰ সমষ্টিৰ প্রার্থী জলেন দৈমাৰীৰ সমর্থনত কাছিয়াবাৰীৰ আৰনাই খেলপথাৰ, হাতীধুৰাৰ দিংদিঙা শ্রীনগৰ সত্র, শুক্লাই ছেৰফাঙৰ ঔবাৰী, লক্ষীনাৰায়ণপুৰৰ আঙাৰকাটাত চাৰিখনকৈ বিশাল নির্বাচনী সভাত অংশ লৈ বিৰোধীক তীব্র ভাষাৰে সমালোচনা কৰি এই নির্বাচনত বিৰোধীৰ অস্তিত্ব নাই বুলিও কটাক্ষ কৰে৷

২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ কাছিয়াবাৰী আৰু হাতীধুৰাত নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্র, ৰাজ্য আৰু বি টি আৰত এতিয়া কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফৰ কোনো চৰকাৰ নাই৷ তিনিওটা দলে ৰাইজক কোনো উন্নয়ন দিব নোৱাৰে৷ একমাত্র বিজেপি–মিত্রজোঁটৰ চৰকাৰেহে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিব৷ তেওঁ কয়– কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ উপ–নির্বাচনত প্রার্থিত্ব প্রদান কৰিছে৷ ৩০ অক্টোবৰৰ ভোটদানৰ দিনা ৰাইজে এই তিনিটা দলক ভোট দি ভোটটো নষ্ট কৰিব নালাগে৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কটাক্ষ কৰি কয়– গৰু দুই ধৰণৰ আছে৷ গাখীৰ দিয়া আৰু গাখীৰ নিদিয়া৷

কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফ গাখীৰ নিদিয়া গৰু৷ গতিকে যি গৰুৱে গাখীৰ নিদিয়ে, সেই গৰুক দানা খুৱাই লাভ নাই৷ জনাকীর্ণ নির্বাচনী সভাত ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– দিছপুৰৰ শাসনত থকা বিজেপি মিত্রজোঁটৰ চৰকাৰখনে গোসাঁইগাঁও আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উন্নয়নক এক নতুন স্তৰলৈ লৈ যাব৷ অৰুণোদয় আঁচনিৰ অধীনত গোসাঁইগাঁও বিধানসভা সমষ্টিৰ হিতাধিকাৰীৰ সংখ্যা ১৭ হাজাৰৰ পৰা ২৭ হাজাৰলৈ বৃদ্ধি কৰা হ’ব৷ তদুপৰি কাছিয়াবাৰী অঞ্চলত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় নির্মাণৰ কাম অহা বছৰৰ এপ্রিল মাহৰ পৰাই আৰম্ভ কৰা হ’ব৷ একেদৰে যমদুৱাৰত সোণকোষ নৈৰ গৰাখহনীয়া প্রতিৰোধৰ কাম অহা নৱেম্বৰত আৰম্ভ কৰা হ’ব৷ অঞ্চলটোত ৩০খন বিছনাযুক্ত হাস্পতাল স্থাপন কৰাৰ উপৰি কাছিয়াবাৰীত এটা নতুন উন্নয়ন খণ্ড স্থাপন কৰা হ’ব৷

মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত ইয়াকো উল্লেখ কৰে যে শেহতীয়াকৈ ৰাষ্ট্রীয় উদ্যান হিচাপে ঘোষণা কৰা ৰায়মনাৰ দাঁতি–কাষৰীয়া অঞ্চলৰ গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে অচিৰেই বিশেষ পেকেজ ঘোষণা কৰিব৷ ইফালে হাতীধুৰাৰ দিংদিঙা শ্রীনগৰ সত্রত অনুষ্ঠিত এখন নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান বিজেপি মিত্রজোঁটৰ চৰকাৰখনে শাসনৰ দয়িত্ব লাভৰ পাছতেই জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণৰ দিশত ঐকান্তিকতাৰে পদক্ষেপ লৈ আছে৷ ৰাজ্যখনৰ এক লাখ শিক্ষিত নিবনুৱা যুৱক–যুৱতীক স্বচ্ছতাৰে চৰকাৰী চাকৰিত নিয়োগ কৰাৰ বাবে চৰকাৰখনে পদক্ষেপ আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রীৰ ঘোষণা– এক টকা ঘোচ নিদিয়াকৈ এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব৷