Local, Vocal, Global

Watch | Congratulatory event of ONGC was held in Sivasagar: শিৱসাগৰত অ’ এন জি চিৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

শিৱসাগৰ: তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড চমুকৈ ONGC ৰ স্বীকৃতি প্ৰাপ্ত শ্ৰমিক সংগঠন পূৰ্বাঞ্চল এম্প্লয়িজ এচ’চিয়েচনৰ উদ্যোগত দেওবাৰে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়।

অ’ এন জি চি অফিচাৰ্চ ক্লাৱত আয়োজিত ‘অভিনন্দন ২০২৫’ শীৰ্ষক এই অনুষ্ঠানত এই বৰ্ষত CBSE ৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৮০ শতাংশৰো অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা অ’ এন জি চি পৰিয়ালৰ ৫০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীক এচ’চিয়েচনৰ ফালৰপৰা অভিনন্দন জ্ঞাপন কৰা হয়।

অভিনন্দন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্রসাদ শইকীয়া, বিশিষ্ট চিন্তাবিদ, সুবক্তা, সমালোচক ময়ূৰ বৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। কৃতী ছাত্ৰ ছাত্ৰীসকলক একোখনিকৈ ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়