Local, Vocal, Global

Complaint against controlar goods seller:হিতাধিকাৰীৰ চাউল আত্মসাৎ সুলভ মূল্যৰ দোকানৰ দোকানীৰ

নলবাৰী,৩ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰাপ্য চাউল প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । কিন্তু ইয়াৰ মাজতে একাংশ সুলভ মূল্যৰ দোকানৰ দোকানীয়ে চলাই গৈছে ব্যাপক দুৰ্নীতি । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বিজেপি চৰকাৰক অঙ্গুষ্ঠ দেখুৱাই চৰকাৰী সুলভ মূল্যৰ দোকানী চলাই আহিছে ব্যাপক দূৰ্নীতি(Complaint against controlar goods seller)।

নলবাৰী জিলাৰ ২ নম্বৰ কাপলাবড়ীস্থিত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ।কপিলউদ্দিনৰ নামৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গ্ৰাহকৰ লুণ্ঠনৰ অভিযোগ।

অভিযোগ অনুসৰি,”পশ্চিম বৰক্ষেত্ৰী বহুমুখী আদৰ্শ সমবায় সমিতি” ৰ অন্তৰ্গত কপিলউদ্দিনৰ নামৰ সুলভ মূল্যৰ দোকানীজনে যোৱা দুবছৰ ধৰি কৰি আহিছে অনিয়ম।
যোৱা মাহতো চাউল দিয়া নাছিল কপিলউদ্দিনে। আনহাতে, ফিংগাৰ দিয়াৰ পিছতো চাউল নিদিয়াৰ অভিযোগ কপিলউদ্দিনৰ বিৰুদ্ধে।

লগতে পঢ়ক :Firing incident happens in Bilasipara:বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ