Commendable initiative 5 students: পঢ়া খৰচ উলিবালৈ ৫ ছাত্ৰৰ অধিৱেশনত হোটেল
৮ফেব্ৰুৱাৰী ২০২৫,ৱেবডেস্ক: অহা ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন । ১৫ হাজাৰ ভক্তই একেলগে গ্ৰহণ কৰিব পাৰিব খাদ্য় ।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনক লৈ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে যোৰহাটত । এইবাৰ এই অধিবেশনখনি ম’হবন্ধা এৰালতলি পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিতহৈছে।হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ম’হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । অধিবেশনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি উক্ত স্থানত একত্ৰিত হ’ব । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ মিলনস্থলী হৈ পৰিছে। শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ মূল উদ্দেশ্য হ’ল গুৰুজনাৰ অমিয়া বাণী বিশ্বৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰা । যোৰহাটত তাৰ মাজতে দেখা গল এক মনোৰম দৃশ্য।৫ ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ। পঢ়াৰ মাজতে কৰ্ম কৰিবলৈ যুৱ সমাজক। কাজিৰঙা ইউনিভাৰচিটিত অধ্যয়নত অজিত ছেত্ৰী,কৌশিক ডেকা,অৰ্পণ হাজৰিকা ,ভাৰ্গৱ নাথ,মাহফোৰুজ ৰহমানে পঢ়া খৰচ উলিয়াবলৈ শংকৰদেৱ সংঘৰ অধিবেশনত আৰম্ভ কৰিলে হোটেল ।পঢ়া খৰচ উলিবালৈ যোৰহাটৰ কাজিৰঙাৰ ইউনিভাৰচিটিৰ পাছ জন ছাত্ৰই দিছে হোটেল ।