Local, Vocal, Global

বন্ধ হ’ব ‘COMEDY NIGHTS WITH KAPIL’!

কিছুদিন পূর্বে খবৰ ওলাইছিল যে কপিল শর্মাৰ শ্ব’ ‘COMEDY NIGHTS WITH KAPIL’ অতি সোনকালে বন্ধ হ’ব। সদ্যহতে চেনেলৰ ফালৰ পৰা এতিয়ালৈ কোনো ধৰণৰ মত প্ৰকাশ কৰা হোৱা নাই। প্ৰাপ্ত তথ্য অনুসৰি অতি সোনকালেই কপিলৰ শ্ব’ বন্ধ হ’ব আৰু কিছু সময়ৰ পাছত এটা নতুন ছীজনৰ সৈতে পুনৰ উভতিব জনপ্ৰিয় কমেডিয়ানগৰাকী। কিন্তু কিয় বন্ধ হ’ব কপিলৰ কমেডী শ্ব’ ‘COMEDY NIGHTS WITH KAPIL’? ইয়াৰ উত্তৰো দিলে জনপ্ৰিয় কমেডিয়ানজনে। টুইটাৰত হোৱা প্ৰশ্ন উত্তৰ শিতানত কমেডিয়ানজনে জনায় যে তেওঁ দ্বিতীয়বাৰলৈ পিতৃ হ’ব ওলাইছে আৰু সেইবাবে তেওঁ পত্নীৰ কাষত থাকিব লাগিব। সেয়ে বন্ধ হ’ব জনপ্ৰিয় কমেডিয়ান শ্ব’ ‘COMEDY NIGHTS WITH KAPIL’। ইয়াৰ লগতে তেওঁ জনায় যে অতি শীঘ্ৰে NETFLIXতো দেখা যাব জনপ্ৰিয় কমেডিয়ানজনক।