Local, Vocal, Global

Plane crash : আমাজনৰ জংঘলত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ৪০ দিন পিছত জীৱন্তে উদ্ধাৰ ৪টা শিশু

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জুন : আমাজনৰ গভীৰ অৰণ্যত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰিছিল চাৰিটা শিশু (Amazon jungle) । প্ৰায় ৪০টা দীঘলীয়া দিনৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হৈছে তেওঁলোকক । দুৰ্ঘটনাটোত তিনিজন প্ৰাপ্তবয়স্ক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। অলৌকিকভাৱে বাচি থকা চাৰিটা শিশুৰ ভিতৰত এটাৰ বয়স মাত্ৰ এবছৰ।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে স্থানীয় সময় অনুসৰি শুকুৰবাৰে দক্ষিণ কলম্বিয়াৰ ঘন জংঘলত শিশুকেইটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। পেট্ৰ’ই এটা টুইটযোগে কয় যে , ‘গোটেই দেশৰ বাবে এক আনন্দৰ মুহূৰ্ত! কলম্বিয়াৰ জংঘলত হেৰাই যোৱা চাৰিটা শিশুক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ।’

কলম্বিয়াৰ কাকেটা আৰু গুয়াভিয়া প্ৰদেশৰ সীমান্তৰ ওচৰত সৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইৰ ওচৰতে সেনাই ভাতৃ-ভগ্নীকেইটিক উদ্ধাৰ কৰে । চেছনা-২০৬ বিমানখনত ৭ জন যাত্ৰী আছিল। আমাজন প্ৰদেশৰ আৰাকুয়াৰা আৰু গুৱাভিয়াৰ প্ৰদেশৰ এখন চহৰ ছান জোছ ডেল গুয়াভিয়াৰৰ মাজৰ পথত আছিল বিমানখন।

উল্লেখ্য যে যোৱা ১ মে’ৰ দিনা ইঞ্জিন বিকল হোৱাৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল (plane crash) । কলম্বিয়াৰ পৰা উৰা মৰা এখন বিমান দুৰ্ঘটনাবসতঃ পৰিছিলগৈ আমাজানৰ জংঘলত । এই দুৰ্ঘটনাত পাইলটকে ধৰি তিনিজন প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু হৈছিল । উদ্ধাৰকাৰীয়ে এই সকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল যদিও ৪ টাকৈ শিশু নিৰুদ্দিষ্ট হৈ থাকিল। নিৰুদ্দিষ্ট এই শিশু ৪ টাৰ সন্ধানত উদ্ধাৰকাৰীয়ে আমাজন জংঘলত তেতিয়াৰে পৰা চলাই আছিল উদ্ধাৰ অভিযান (4 children lost in the jungle for 40 days) । ১৩, ৯ আৰু ৪ বছৰীয়া শিশুৰ লগতে আন এটি ১২ মহীয়া শিশুও দুৰ্ঘটনাটোৰ পৰা নিৰুদ্দেহ হৈ আছিল ।

সকলোৱে ধৰি লৈছিল যে চাৰিওটা শিশুৰে ইতিমধ্যে মৃত্যু হৈছে । তেওঁলোকৰ মৃতদেহ কোনো পশুৱে হয়তো ভক্ষণ কৰিছে । তথাপিও চেষ্টা অব্যাহত আছিল এটা হলেও শিশু উদ্ধাৰ কৰিব পৰাটোৱেই আছিল এই উদ্ধাৰকাৰীসকলৰ শেষ প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাৰ ফলত ৪০ দিনৰ দিনা তেওঁলোকে একেলগে উদ্ধাৰ কৰিলে নিৰুদ্দিষ্ট সেই চাৰিওটা শিশুক। তাকো জীৱন্তে । এই খবৰ বিয়পি পৰাৰ লগে লগে স্তম্ভিত হৈছে পৰিছে বিশ্ব । কেনেকৈ সম্ভৱ এয়া? অতব্য অৰণ্য আমাজনত জীৱন যুদ্ধত জয়ী এই চাৰিওটা শিশু।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেড্ৰোৱে শনিবাৰে জনোৱা অনুসৰি বিমান দুৰ্ঘটনাৰ ৫ সপ্তাহৰ পাছত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে চাৰিওটা শিশুক ( Colombia Plane Crash) । দীৰ্ঘ অনুসন্ধানৰ অন্তত সফলতা লাভ কৰিছে উদ্ধাৰকাৰীয়ে । তেওঁ টুইটাৰত লিখিছে, সমগ্ৰ দেশৰ বাবে এটা ভাল খবৰ । ৪০ দিন পূৰ্বে আমাজানৰ জংঘলত সন্ধানহীন হৈছিল এই চাৰিওটা শিশু। তেওঁলোকক অৱশেষত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

তেওঁ এই পোষ্টটোৰ লগত এখন ফটোও আপলোড কৰিছে । এই চাৰিওটা শিশুক উদ্ধাৰৰ পাছতে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে । ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছে আমাজানৰ দৰে ঘন জংঘলত তেওঁলোকৰ এই জীৱন যুদ্ধ আৰু এই যুদ্ধত জয়ী হোৱাটো এক দৃষ্টান্ত হৈ ৰ’ব।

আমাজানত জীৱন যুদ্ধৰে জয়ী হোৱা এই চাৰিটা শিশু ক্ৰমে ১৩ বছৰীয়া লেছলি, ৯ বছৰীয়া ছোলেনি, ৪ বছৰীয়া ৰানোক আৰু ৪ বছৰীয়া ক্ৰিষ্টিন ( Amazon Jungle) । তেওঁলোকৰ মাতৃ মাগদালেনা, পাইলট আৰু আন এজন ব্যক্তি ১ মে’ত দুৰ্ঘটনাটোত নিহত হৈছিল । ১৬ মে’ত কলম্বিয়াৰ ঘন জংঘলত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছিল । সেই সময়ত পাইলট আৰু শিশু কেইটাৰ মাতৃৰ মৃতদেহ উদ্ধাৰ সম্ভৱ হৈছিল যদিও শিশু চাৰিটাক উদ্ধাৰ কৰিব পৰা নাছিল।

শিশুকেইটাৰ ককাক নাৰ্চিজো মুকুটুই সাংবাদিকৰ আগত কয় যে তেওঁলোকক উদ্ধাৰৰ খবৰ পাই তেওঁ অতি আনন্দিত। তেওঁ কয়, ‘ইয়াৰী অৰণ্যত নিৰুদ্দেশ হোৱা মোৰ নাতি-নাতিনীৰ ককাক হিচাপে এই মুহূৰ্তত মই অতি সুখী।’

উদ্ধাৰ হোৱা শিশুকেইটা হুইটতো সম্প্ৰদায়ৰ। বৰ্ষাৰণ্যত কেনেকৈ জীয়াই থাকিব পাৰি সেই বিষয়ে ডাঙৰ ভাতৃ-ভগ্নীসকলৰ কিছু জ্ঞান আছিল বুলি বিষয়াসকলে জনায়।

লগতে পঢ়ক : Heated situation in hojai: বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে নাজানে ব্যৱহাৰ