Local, Vocal, Global

ওদালগুৰিত সৌৰশক্তি উৎপাদিত বিদ্যুৎ প্ৰকল্প শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

নিউজ ডেক্স ১৯ জুলাই : এইবাৰ HS ত লেটাৰ নম্বৰ পোৱা সকলো ছাত্ৰই লাভ কৰিব স্কুটী। ছাত্ৰীসকলে প্ৰথম বিভাগ পালেই পাব স্কুটী। আজি ওদালগুৰিত সৌৰশক্তি উৎপাদিত বিদ্যুৎ প্ৰকল্প শুভাৰম্ভণি অনুষ্ঠানত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰিৰ বাবে বৃহৎ ঘোষণা মুখ্য়মন্ত্ৰীৰ। অৰুণোদয় আঁচনি পোৱা পৰিয়ালে ঘৰৰ আগত ওলমাব লাগিব ছাইন ব’ৰ্ড। ৰুব লাগিব গছ পুলি।

১০ অক্টোবৰৰ পৰা বৃদ্ধি হ’ব অৰুণোদয় আঁচনিৰ ধন। ১২৫০ টকা লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে। নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ’ব ৬ হাজাৰ পৰিয়াল।

মুখ্যমন্ত্ৰীয়ে কয় যে , স্বদেশ প্ৰেমৰ প্ৰমাণ দিবলৈ প্ৰতিজন ভাৰতীয়ই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো ঘৰত উত্তোলন কৰিব লাগিব ত্ৰিৰংগা পতাকা। ১৬ টকা মূল্যত কিনিব লাগিব ত্ৰিৰংগা।

উল্লেখযোগ্য যে ওদালগুৰিৰ লালপুলত ২৫ মেগাৱাটৰ সৌৰশক্তি উৎপাদিত বিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে।

এই প্ৰকল্পৰ জৰিয়তে ৬৫ হাজাৰ লোকে পোনপটীয়াকৈ পাব বিদ্যুৎ সেৱা। ২০২৬ চনৰ ভিতৰত ৫০ শতাংশ সৌৰশক্তিৰ দ্বাৰা উৎপাদিত বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য অসম চৰকাৰৰ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ২০৩৫ চনৰ ভিতৰত অসমত পেট্ৰ’ল আৰু ডিজেল নাথাকিব। অসমক পেট্ৰ’ল-ডিজেলমুক্ত কৰাৰ লক্ষ্য় চৰকাৰৰ। ২০২৬ চনৰ ভিতৰত ১৫%সৌৰশক্তি নিৰ্ভৰ হ’ব অসম।