CM inspected Maligaon flyover : দুমাহৰ ভিতৰত মহানগৰীৰ দুখন উৰণীয়া সেঁতু সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৫ জুন : বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মালিগাওঁ আৰু ৰাধা গোবিন্দ বৰুৱা পথত নিৰ্মীয়মান উৰণীয়া সেতুৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উপদ্দেশ্যৰে লোকনিৰ্মাণ পথ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্রতিনিধি বৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়(CM Himanta Sarma)।
বৈঠকত মুখ্যমন্ত্ৰীগকৰাকীয়ে মালিগাওঁ উৰণীয়া সেতুত মঙলবাৰে সংঘটিত হৈ যোৱা অনাকাংক্ষিত ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ প্রতি লক্ষ্যৰাখি সেতু নিৰ্মাণত কৰ্মৰত শ্রমিক আৰু অন্যান্য লোকসকলক পৰ্যাপ্ত সুৰক্ষা প্রদানৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে । জাৰোপৰি তেওঁ জালুকবাৰীৰ দিশৰ পৰা মালিগাঁও অভিমুখী আৰু ভৰলুমুখৰ পৰা মালিগাঁও অভিমুখী গধুৰ যান-বাহন যাতে চলাচল কৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে বৃহস্পতিবাৰৰ পৰা অহা ২০ জুন পৰ্যন্ত সেতুৰ এটা দিশ নিশাৰ ভাগত সম্পূৰ্ণ বন্ধ ৰাখি নিৰ্মাণকাৰ্য চলাই নিবলৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে ।
এই সময়ছোৱাত যান-বাহনৰ গতিবিধি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । সেঁতু নিৰ্মাণত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানে শ্রমিক আৰু অন্যান্য লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত কৰা গাফিলতিৰ বাবে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি ঠিকাদাৰী প্রতিষ্ঠানক এতিয়াৰে পৰা সুৰক্ষাৰ দিশত অধিক গুৰুত্ব প্রদান কৰি শ্রমিকসকলক হেলমেট, জেকেট আদিকে ধৰি পৰ্যাপ্ত সুৰক্ষা সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
দীৰ্ঘসময়ৰ বাবে যাতে ৰাইজে হাৰাশাস্তি ভুগিব নালাগে তাৰ বাবে এতিয়াৰে পৰা অধিক শ্রমিকৰ দল নিয়োগ কৰি চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত মালিগাঁও উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰী প্ৰতিষ্ঠানটোক নিৰ্দেশ দিয়ে । সমান্তৰালভাৱে ৰাধা গোবিন্দ বৰুৱা পথত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুখনৰ কাম চলিত বৰ্ষৰ ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰী প্ৰতিষ্ঠানটোক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ (পথ) বিভাগৰ বিশেষ আয়ুক্ত সচিব চন্দন শৰ্মা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা উপায়ুক্ত প্রমুখ্যে লোকনিৰ্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপৰি ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্রতিনিধিবৰ্গ উপস্থিত থাকে।
আনবাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিশা পৰ্যবেক্ষণ কৰিলে মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেঁতু (CM inspected Maligaon flyover) । বুধবাৰে নিশা প্ৰায় ১২ বজাত মালিগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতিৰ বুজ লয়।
উল্লেখ্য যে, মঙ্গলবাৰে উৰণীয়া সেঁতুখনৰ প্ৰায় ৫০ ফুট দীঘল এখন লোহাৰ ছাটাৰিং খহি পৰি দুজনকৈ লোক আহাত হোৱাৰ ঘটনা সংঘটিত হৈছিল (Slab Falls From Maligaon Flyover) । আহত দুয়োজন লোক বৰ্তমান চিকিতসাধিন অৱস্থাত আছে । ইয়াৰে এজনৰ অতি সংকটজনক অৱস্থাত আছে । সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা উৰণীয়া সেঁতুখন পৰ্যবেক্ষণ কৰি ঠিকাদাৰ, অভিযন্তাক কেইবাটাও নিৰ্দেশনা প্ৰদান কৰে ।
মঙ্গলবাৰৰ দুৰ্ঘটনাৰ পাছত তেওঁ উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য নিশাৰ ভাগত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰাৰ পাছত বুধবাৰে নিশাও সেই কথা আকৌ দোহাৰে। তেওঁ শীঘ্ৰেই এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰদান কৰিব বুলি উল্লেখ কৰি কয়, উৰণীয়া সেতুখন নিৰ্মাণ কৰিবৰ বাবে মালিগাঁৱৰ মূল পথছোৱা ওৱান ৱে’ কৰা হ’ব।
নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ পথটো ওৱান ৱে’ হ’ব। এই সন্দৰ্ভত উপায়ুক্ত, মহানগৰ আৰক্ষীৰ তৰফৰ পৰা জনোৱা হ’ব নীতি-নিয়ম । পৰাপক্ষত নিশাৰ ভাগত মালিগাওঁ দিশে নাযাবলৈ ৰাইজক আহ্বান।
লগতে পঢ়ক : Junmoni Rabha Death Case : জোনমণি ৰাভাৰ কাণ্ডৰ তদন্ত কৰিব CBI ৰ দলে