Local, Vocal, Global

CM Sarma Visits Nehru Stadium : পুনৰ নিৰ্মিত নেহৰু ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, যোৰহাট ষ্টেডিয়ামও পুনৰ নিৰ্মাণৰ পৰিকল্পনা

নিউজ ডেস্ক, ৭ আগষ্ট : নতুন ৰূপত জিলিকি উঠিব ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম (CM Sarma Visits Nehru Stadium )। পুৱাই মুখ্যন্ত্ৰীয়ে পৰিদৰ্শন কৰে পুনৰ নিৰ্মিত নেহৰু ষ্টেডিয়াম । মুখ্যমন্ত্ৰীয়ে সোমবাৰে পুৱাই নেহেৰু ষ্টেডিয়ামত উপস্থিত হয় নেহৰু ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ হ’ব লগীয়া প্ৰকল্প কেনেধৰণৰ হ’ব তাৰ বুজ লয়(CM Sarma Inspects Nehru Stadium Renovations) । ষ্টেডিয়ামৰ খেলপথাৰ লগতে ষ্টেডিয়ামৰ কাষত থকা পথবোৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Plans for Jorhat Stadium Revamp)। যোৰহাট ষ্টেডিয়াম নৱীকৰণ কৰা পৰিকল্পনা ।

মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা নৱীকৰণ প্ৰকল্পসমূহৰ পৰিদৰ্শন কৰে(CM Sarma Visits Nehru Stadium )। এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে ষ্টেডিয়ামখনক ৫০,০০০ আসনৰ এক বিশাল সুবিধালৈ ৰূপান্তৰ কৰা । যি কেৱল চহৰখনৰ স্থাপত্যৰ দৃশ্যপট উন্নত কৰাই নহয়, লগতে এথলেটিকছৰ প্ৰচাৰ আৰু বৃহৎ পৰিমাণৰ ইভেণ্ট আয়োজনত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।

ষ্টেডিয়ামখন সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰাৰ বাবে প্ৰথমে নক্সা তৈয়াৰ হ’ব । তাৰ পিছতে বাজেট প্ৰস্তুত কৰি নিবিদাৰ জৰিয়তে কাম আৰম্ভ হ’ব । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ লগতে যোৰহাটৰ ষ্টেডিয়ামখনো নতুন ৰূপত গঢ় দিব ৰাজ্য চৰকাৰে । ৫০ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পৰা সুবিধা থাকিব নতুন নেহেৰু ষ্টেডিয়ামত ।

উল্লেখ্য যে নেহৰু ষ্টেডিয়াম খন অসমৰ গুৱাহাটী চহৰৰ এখন বহুমুখী পুৰণি ষ্টেডিয়াম । ১৯৬২ চনত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ১৫ হাজাৰ দৰ্শকৰ ক্ষমতা আছিল । সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই তদাৰক কৰি নিৰ্মাণ কৰিছিল নেহৰু ষ্টেডিয়াম । সম্প্ৰতি এই ষ্টেডিয়ামখন অসম চৰকাৰৰ ক্ৰীড়া ব’ৰ্ডৰ পৰিচালনাৰ দায়িত্বত আছে ।

লগতে পঢ়ক : CM press conference: ১৫ আগষ্ট উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল