Local, Vocal, Global

CM Himanta Biswa Sarma : পৰেশ বৰুৱাক অসমলৈ আহি অসমৰ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৮ আগষ্ট : পৰেশ বৰুৱাক অসমলৈ আহি অসমৰ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থা তিনিচুকীয়াত তৈল খেজুৰ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে(CM Himanta Biswa Sarma)। এই কাৰ্যসূচীৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে আলফা স্বাধীনৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে । আলফা স্বাধীনত নতুনকৈ সদস্যভৰ্তি প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকী কয় যে সংগঠনটোত নতুন যুৱক-যুৱতী গৈ আছে যদিও ম্যানমাৰত অতি কষ্টকৰ জীৱন যাপন কৰিবলগীয়া হৈছে। বহুতে ওলাই আহিব বিচাৰিছে(CM sarma urges ULFA I commander to come to assam for 7 10 days)।

আনহাতে, সেনাধ্যক্ষ পৰেশ বৰুৱাক (Paresh Baruah United Liberation Front of Asom) আলোচনালৈ আহ্বান জনাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়- ”পৰেশ বৰুৱা এজন জনা-বুজা ব্যক্তি, মই আহ্বান জনালেই যে তেওঁ আহিব, তেনে নহয়। কিন্তু মই ভাবো তেওঁ যদি ৭ দিন অসমত থাকি যায়, তেন্তে তেওঁ গম পাব যে এতিয়া অসমৰ সকলো কথাই সলনি হৈছে।”মুখ্যমন্ত্ৰীয়ে ১৯৮০-৮২ চনৰ অসমৰ পৰিৱেশ এতিয়া নাই বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ”এসময়ত তেওঁৰ মনত এটা ভাব আছিল যে বাহিৰৰ পৰা অহা মানুহে অসম দখল কৰি লৈছে, কিন্তু আজি কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত অসমৰ ল’ৰা বহুখিনি থাকে।

গতিকে তেওঁ ৭ অথবা ১০ দিনৰ বাবে অসমত থাকিলে পৰিৱেশটো নিজেই গম পাব।”আলফা স্বাধীনৰ নেতা পৰেশ বৰুৱা অসমলৈ আহিলে সুৰক্ষাকে ধৰি সকলো সুবিধা প্ৰদান কৰা হব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীৰ মতে, এই ভ্ৰমণ আলোচনাৰ বাবে নহয়, অসমক বুজিবলৈ পৰেশ বৰুৱাই কৰিব পাৰে।

উল্লেখ্য, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী শৰ্মাই প্ৰায়ে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰে আলোচনাৰ দিশত ইতিবাচক মন্তব্য কৰি আহিছে।

লগতে পঢ়ক : Sex offender in singapore : ছিংগাপুৰত ভাৰতীয় মূলৰ যৌন অপৰাধীৰ বাবে ১৮ বছৰৰ জেল, ১২টা ষ্ট্ৰ’কৰ শাস্তি ঘোষণা