Local, Vocal, Global

আজমলে মহিলাক যিমান পাৰে সন্তান জন্ম দিবলৈ কয় !

ভৱানীপুৰ সমষ্টিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ তিনিখন প্ৰচাৰ সভাতেই মুখ্যমন্ত্ৰী ড° শৰ্মাই কঠোৰ ভাষাৰে সমালোচনা কৰে বদৰুদ্দিন আজমল আৰু তেওঁৰ দল AIUDFক ৷

ভৱানীপুৰৰ দলীয় প্ৰাৰ্থী ফণী তালুকদাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° শৰ্মাই ক’লে- “AIUDF গোন্ধোৱা দল ৷ AIUDFয়ে মহিলাসকলক ঘৰত তলা-ছাবি মাৰি সোমোৱাই ৰাখে ৷ মহিলা সকলক না আত্মসহায়ক গোট কৰিবলৈ দিয়ে, না কি কৰিব লাগে ৷”

পুঠিমাৰীত মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তৃতীয়খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে ৷ এই প্ৰচাৰ সভাতো AIUDFক টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ ড° শৰ্মাই ক’লে- “বদৰুদ্দিন আজমলে মহিলাক যিমান পাৰি সন্তান জন্ম দিবলৈ কয় ৷ AIUDFৰ সেয়াই উন্নয়ন ৷ আমাৰ উন্নয়ন হ’ল বিশ্ববিদ্যালয় বনোৱা, কলেজ বনোৱা, মেডিকেল বনোৱা ৷ পাৰ্থক্য ইয়াতেই ৷”