Local, Vocal, Global

Delhi Liquor Scam: আজি EDৰ ওচৰত হাজিৰ হ’ব অৰবিন্দ কেজৰিৱাল

নেশ্যনেল ডেস্ক, ২নৱেম্বৰ : আজি EDৰ ওচৰত হাজিৰ হ’ব অৰবিন্দ কেজৰিৱাল৷ আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক হাজিৰ হ’বলৈ EDয়ে জাৰি কৰিছিল চমন(CM Arvind Kejriwal likely to appear before ED today) ৷

আবকাৰী নীতিৰ অভিযোহত জেৰা চলাব ED য়ে । পূৰ্বেও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেৰা চলাইছিল ED য়ে ।

এইবাৰ দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ(Delhi Liquor Scam) । এই গোচৰ সন্দৰ্ভত ED য়ে চমন জাৰি কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক(Delhi CM Arvind Kejriwal summoned by ED) ।

দিল্লী আবকাৰী নীতিৰ গোচৰৰ তদন্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে আৰু এইবাৰ ED য়ে তেওঁলৈ চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বে এই গোচৰৰ সন্দৰ্ভত কেজৰিৱালক চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমন কৰিছিল ৷ আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক CBIয়ে এই গোচৰত ৯ ঘণ্টাৰো অধিক সময় জেৰা কৰিছিল(Arvind Kejriwal summoned by ED on Nov 2 for questioning in excise policy case)।

উল্লেখ্য যে, একেটা গোচৰতে কাৰাগাৰত আছে মনীষ ছিছ’দিয়া আৰু সঞ্জয় সিং। সোমবাৰে উচ্চতম ন্যায়ালয়ে মণীষ ছিছ’দিয়াৰ জামিন আবেদন অস্বীকাৰ কৰে ।

দৰাচলতে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক PMLA অৰ্থাৎ ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত চমন জাৰি কৰা হৈছে আৰু সূত্ৰ অনুসৰি দিল্লীত গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ পিছত সংস্থাটোৱে মুখ্যমন্ত্ৰীৰ বক্তব্য লিপিবদ্ধ কৰিব(Delhi CM Arvind Kejriwal summoned by ED on Nov 2 in excise policy case)।

সোমবাৰে উচ্চতম ন্যায়ালয়ে মনীষ সিসোদিয়াক শ্বক দিয়াৰ সময়ত EDয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধা-পোছাৰ বাবে ফোন কৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ দুখন পৃথক জামিন আবেদন নাকচ কৰে। ED য়ে দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত দাখিল কৰা চাৰ্জশ্বীটত অৰবিন্দ কেজৰিৱালৰ নাম কেইবাবাৰো উল্লেখ কৰি অভিযুক্ত আম আদমী পাৰ্টিৰ নেতাজন দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰস্তুত আৰু কাৰ্যকৰীত জড়িত আছিল বুলি উল্লেখ কৰিছে। কিন্তু পিছত এই আবকাৰী নীতি বাতিল কৰা হয়।

এইবিষয়ক লৈ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Israel-Hamas war: ইজৰাইল-হামাছৰ যুদ্ধত স্থানচ্যুত ২,৫০,০০০ ইজৰাইলী