Watch | শিৱসাগৰত বিকশিত ভাৰতৰ জনমুখী কেন্দ্ৰীয় বাজেট ২০২৫-২৬ সন্দৰ্ভত নাগৰিক সভা

গুৱাহাটী: শিৱসাগৰ জিলা বিজেপিৰ শিৱসাগৰ নগৰৰ শ্যাম মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেল। উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়া। কেবিনেট মন্ত্ৰী গৰাকীয়ে জনমুখী কেন্দ্ৰীয় বাজেট ২০২৫-২৬ ৰ পৰা জনসাধাৰণে লাভ কৰিবলগা সা-সুবিধা সম্পৰ্কে সংবাদমেলযোগে উল্লেখ কৰে।ডনাৰ মন্ত্ৰালয়ে ৫৯৫০ কোটি ধাৰ্য কৰা বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে।
কেন্দ্ৰীয় বাজেট অনুসৰণ কৰি অসম বাজেট নিৰ্ধাৰণ কৰা বুলি কেবিনেট যোগেন মহনে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰ-পূৱক বহুখিনি দিছে কেবিনেট মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়ে।কেন্দ্ৰীয় বাজেটত কৃষক,ক্ষুদ্ৰ উদ্যোগ,জল পৰিবহণ,শিক্ষা,স্বাস্থ্য তথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে ধাৰ্য কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে।
চৰাইদেউ আৰু শিৱসাগৰ জিলাক পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে বিশেষ গুৰুত্ব প্ৰদানৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ৰাইজক আহ্বান কেবিনেট মন্ত্ৰীগৰাকীৰ সভাত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত শিৱসাগৰৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰবক্তাৰ বাজেট সন্দৰ্ভত ব্যক্তব্য প্ৰদান ।