Local, Vocal, Global

পাকিস্তানক বৃহত্তম যুদ্ধ জাহাজ প্রদান চীনৰ

লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে এলএচিত সেনাৰ শক্তি বৃদ্ধি কৰি থকা ৰঙা চীনে এইবাৰ ভাৰতৰ প্রতি আন এক প্রত্যাহ্বান আনিলে ৷ চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ নৌসেনাক শক্তিশালী কৰি তুলিবলৈ চীনে বৃহত্তম আৰু অত্যাধুনিক যুদ্ধ জাহাজ পাকিস্তানক গতাই দিলে ৷ পাকিস্তানে এই অত্যাধুনিক যুদ্ধ জাহাজখন আৰব সাগৰ আৰু ভাৰত মহাসাগৰত মোতায়েন কৰিব ৷ ভাৰতীয় নৌ বাহিনীৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ চীনে যোগান ধৰা যুদ্ধ জাহাজখন পাকিস্তানে মোতায়েন কৰিব বুলি চীনস্থিত পাকিস্তানী ৰাষ্ট্রদূত মইনুল হকে প্রকাশ কৰিছে ৷ ভাৰত মহাসাগৰত পাকিস্তানী নৌসেনাৰ শক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০১৮ চনতেই অত্যাধুনিক যুদ্ধ জাহাজ চীনৰ পৰা বিচাৰিছিল ইছলামাবাদে ৷

চীন ষ্টেট শ্বিপবিল্ডিং কর্প’ৰেচন লিমিটেড চমুকৈ চি.এছ.এছ.চিৰ দ্বাৰা ডিজাইন আৰু নির্মাণ কৰা ০৫৪এ/পিৰ অন্যতম সংস্কৰণ পিএনএছ টুঘ্রীল নামৰ বৃহত্তম আৰু অত্যাধুনিক যুদ্ধ জাহাজখন সোমবাৰে পাকিস্তানক গতাই দিয়ে ৷ চীনৰ চাংহাইত এক কার্যসূচীৰে এই যুদ্ধ জাহাজখন পাকিস্তানক গতাই দিয়ে ৷ সাগৰীয় প্রতিৰক্ষা নিশ্চিত কৰাৰ বাবে এই যুদ্ধ জাহাজখনে পাকিস্তানৰ নৌসেনাক অধিক শক্তিশালী কৰি তুলিব ৷ ভাৰত মহাসাগৰ অঞ্চলত অন্য দেশৰ শক্তিৰ ভাৰসাম্য বর্তাই ৰাখিবলৈ এই যুদ্ধ জাহাজখন পাকিস্তানৰ অস্ত্র হৈ উঠিব ৷ সাগৰীয় প্রতিৰক্ষাৰ ক্ষেত্রত পাকিস্তানলৈ অহা প্রত্যাহ্বান পি এন এছ টুঘ্রীলৰ দ্বাৰা মোকাবিলা কৰাৰ প্রধান অস্ত্র হ’ব বুলিও চীনস্থিত পাকিস্তানী ৰাষ্ট্রদূত গৰাকীয়ে প্রকাশ কৰিছে ৷ এই যুদ্ধ জাহাজখনৰ পৰা স্থলৰ পৰা স্থললৈ, স্থলৰ পৰা আকাশলৈ আৰু পানীৰ তললৈ ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ সক্ষমতা আছে ৷

তদুপৰি যুদ্ধ জাহাজখনৰ পৰাই সাগৰীয় অঞ্চলৰ পৰিস্থিতি অধিক সক্ষমতাৰে নিৰীক্ষণ কৰিব পৰাৰ ক্ষমতা আছে ৷ পাকিস্তানৰ বিশ্বস্ত সহযোগী ৰাষ্ট্র চীনে দেশখনৰ সেনাক শক্তিশালীকৰণৰ বাবে অনেক যুদ্ধাস্ত্র যোগান ধৰি আহিছে ৷ নৌবাহিনীক অত্যাধুনিক পিএনএছ টুঘ্রীল যোগান ধৰাৰ পিছত শীঘ্রেই বায়ুসেনাক অত্যাধুনিক জেএফ–১৭ থাণ্ডাৰ যুদ্ধবিমান যোগান ধৰিব ৷ ভাৰতৰ প্রতি আগ্রাসী মনোভাব বর্তাই ৰখা চীনে পাকিস্তানৰ সামৰিক বাহিনীক শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰিকল্পনাও ৰূপায়ণ কৰিছে ৷ পাকিস্তানৰ গডৰ বন্দৰ নিজৰ অধীনত ৰখা চীন–পাকিস্তান ইক’নমিক কৰিড’ৰ (চিপিইচি) নির্মাণ কৰি আছে ৷ পাকিস্তানৰ নৌসেনাৰ মুৰব্বী এডমিৰেল এম আমজাদ খান নিয়াজীয়ে প্রকাশ কৰা মতে, দেশখনৰ নৌসেনাক আধুনিকীকৰণৰ বাবে চীনে অত্যাধুনিক ৮খন ছাবমেৰিন যোগান ধৰিব ৷