China Coal Mine Accident : কয়লা খনিত ভয়ংকৰ দুৰ্ঘটনা;নিহত ৮জন, সন্ধানহীন ৮জন
নিউজ ডেস্ক, ১৩জানুৱাৰী : এক ভয়ংকৰ দুৰ্ঘটনা । কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । কয়লা আৰু গেছৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো(China Coal Mine Accident Kills at Least 8) ।
উল্লেখ্য যে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ২.৫৫ বজাত সংঘটিত হয় ঘটনাটো । ঘটনাটো সংঘটিত হোৱাৰ সময়ত পিংডিংশান তিয়েনান কয়লা খনি কোম্পানী লিমিটেডৰ কয়লা খনিটোৰ ভিতৰত প্ৰায় ৪২৫ জন লোক আছিল(China Coal Mine Accident) ।
শুকুৰবাৰে স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি জিনহুৱাই জনোৱা অনুসৰি, চীনৰ হেনান প্ৰদেশৰ পিংডিংশান চহৰৰ এটা কয়লা খনিত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত কমেও আঠজন লোক নিহত হয় আৰু আন আঠজন সন্ধানহীন হয়(China Coal mine Accident Kills at Least 8, Rescue ops Underway ) ।
জিনহুৱাই লগতে জনাই যে , কয়লা খনিটোত আবদ্ধ খনিকৰ্মীসকলৰ ৩৮০ জনক সুৰক্ষিতভাৱে উলিয়াই অনা হয় । দুৰ্ঘটনাটো কয়লা আৰু গেছৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় ।
লগতে পঢ়ক :APSC Scam : আজি SIT ৰ জেৰাৰ সন্মুখীন হ’ব বিক্ৰম আদিত্য বৰা আৰু নন্দিতা হাজৰিকা