Local, Vocal, Global

Road accident in Arunachal Pradesh :অৰুণাচল প্ৰদেশত মৃত্যু অসমৰ যুৱকৰ

নিউজ ডেস্ক, ১৩ জানুৱাৰী : এক ভয়ংকৰ পথ দুৰ্ঘটনা । অৰুণাচল প্ৰদেশত সংঘটি হয় এক মৰ্মান্তিক দুৰ্ঘটনা(Road accident)। পথ দুৰ্ঘটনাত মৃত্যু হয় অসমৰ এজন যুৱকৰ। মৃত যুৱকজন দক্ষিণ কামৰূপৰ মিৰ্জা কোকঝাৰৰ অৰূপ ৰাজবংশী বুলি জানিব পৰা গৈছে (Road accident in Arunachal Pradesh)।

জানিব পৰা মতে, ট্ৰাকত কাৰ্পেট লৈ যোৱা সময়ত পথত ঠাণ্ডাৰ বাবে উৎপত্তি হোৱা বৰফত পিছল খাই পথ দুৰ্ঘটনাটো সংঘটি হয় আৰু থিতাতে মৃত্যু হয় দক্ষিণ কামৰূপৰ অৰূপ ৰাজবংশীৰ।অৱশেষত উদ্ধাৰকাৰী দলে বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰে অৰূপ ৰাজবংশীৰ মৃতদেহটো আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-26C -9053 ।

দেওবাৰে মৃতদেহটো দক্ষিণ কামৰূপৰ মিৰ্জাৰ নিজ বাসগৃহলৈ অনা হ’ব।

লগতে পঢ়ক : China Coal Mine Accident : কয়লা খনিত ভয়ংকৰ দুৰ্ঘটনা;নিহত ৮জন, সন্ধানহীন ৮জন