Local, Vocal, Global

গোৰেশ্বৰত নাবালিকাক অপহৰণ

গোৰেশ্বৰত নাবালিকাক অপহৰণ। গোৰেশ্বৰত নাবালিকাক অপহৰণকলৈ চাঞ্চল্য।

গোৰেশ্বৰ থানাত এজাহাৰ। বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ ( তামুলীখাত )গাৱৰ নিবাসী এগৰাকী  নাবালিকাক ২ আগষ্টত দিন দুপৰতে অপহৰণ কৰি লৈ যোৱা বুলি অভিযোগ তুলি পৰিয়াল বৰ্গই গোৰেশ্বৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অপহৰণ কাৰীক বিচাৰি অভিযান চলাইছে যদিও এই পৰ্যন্ত কোনো শুংসুত্ৰ উলিয়াব পৰা নাই।

নাবালিকা গৰাকীৰ মাত়ৃয়ে সংবাদ মাধ্যম তথা এজাহাৰত উল্লেখ কৰা মতে কালি দিনৰ আনুমানিক ১০ টা মান বজাত ১৭ বছৰ ৭ মাহ হোৱা তেওৰ কনিষ্ঠ কন্যা গৰাকীয়ে  চুবুৰীতে থকা এখন দোকানত খোৱা বস্তু আনিবৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে এখন চাৰি চকীয়া বাহনে নাবালিকা গৰাকীক বল পূৰ্বকভাবে গাড়ীত উঠাই লৈ যায় বুলি এজাহৰত উল্লেখ কৰে।

অপহৃতা নাবালিকা গৰাকীৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰা মৰ্মে মুকুল হুচেইন ওৰফে মিঠুন  নামৰ ব্যক্তিজনে অপহৰন কৰি লৈ যোৱা বুলি এজাহাৰত উল্লেখ কৰিছে।

উক্ত চাৰিচকীয়া বাহনখনত গোৰেশ্বৰৰ শিমিলা গাৱৰ মুকুল হুচেইন ওৰফে মিঠুনক স্থানীয় লোকে প্ৰত্যক্ষ কৰি নাবালিকা গৰাকীৰ পৰিয়ালক অৱগত কৰায়।উল্লেখ্য যে 2টা সন্তানৰ পিতৃ মিঠুনৰ পত্নীও থানাত এজাহাৰ দাখিল কৰিছে ২ আগষ্টত।