জাগীৰোডত শিশু দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত অনুস্থিত হৈছে শিশু দিৱস (পণ্ডিত জৱহৰলাল নেহৰুৰ জন্ম দিৱস) ৷
জাগীৰোডস্থিত জ্ঞানম জুনিয়ৰ কলেজৰ চৌহদত জাগীৰোড সাংস্কৃতিক মঞ্চৰ উদ্যোগত জ্ঞানম জুনিয়ৰ কলেজৰ সহযোগত অনুস্থিত কৰে শিশু দিৱস ৷ বিভিন্ন গীত নৃত্য পৰিবেশন কৰে কণ কণ শিশু সকলে ৷ অনুস্হানত উপস্হিত থাকে অৱসৰ প্ৰাপ্ত অধ্যাপক ড° অনিল বৰা ,অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক উত্তম চন্দ্ৰ ডেকা সাংবাদিক ব্যক্তি অৱন্তি কুমাৰ বৰাৰ লগতে জ্ঞানম জুনিয়ৰ কলেজৰ অধ্যক্ষ ড° খগেন শৰ্মাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলৰ উপৰিও কণ কণ ছাত্ৰছাত্ৰী তথা অভিভাৱক সকল উপস্থিত থাকি অনুস্থানটোৰ সৌষ্ঠব বৃদ্ধি কৰে ৷