Local, Vocal, Global

Child died in food poisoning in South Kamrup : খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু ছবছৰীয়া শিশুৰ

নিউজ ডেস্ক,৩০মে’ : খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু শিশুৰ । দক্ষিণ কামৰূপত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো ।

দক্ষিণ কামৰূপৰ সানপাৰাত বুটমাহত বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যু হয় এটি শিশুৰ । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু শিশুটিৰ । মৃত শিশুটি কৃষ্টিলিনা দাস। মিৰ্জাৰ কামৰূপ জাতীয় বিদ্যালয় প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল কৃষ্টিলিনা দাস। বুটমাহত বিষক্ৰিয়া হৈ প্ৰায় ৭০ জনৰো অধিক লোক চিকিৎসাধীন হৈছিল(Food Poisoning Incidents in south kamrup )।

বুধবাৰৰ পৰা পুনৰ ১০জন লোকক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। গাঁওখনত উপস্থিত হৈছে জিলা পৰ্যায়ৰ চিকিৎসকৰ দল। গাঁৱতে প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰা হৈছে। বৰ্তমানলৈ ৭০জনৰো অধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে। জেঠমহীয়া নামৰ প্ৰসাদ খোৱাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল বহু লোক।

লগতে পঢ়ক : One killed in road accident in Guwahati : মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত ট্রাক চালক