Local, Vocal, Global

দিন-দুপৰতে ৰঙিয়াত সংঘটিত শিশু অপহৰণৰ ঘটনা

নিউজ ডেক্স,২১জুলাই : ৰঙিয়াত চাঞ্চল্য়কৰ ঘটনা পেহীয়েকৰ হাতৰ পৰা ৯ বছৰীয়া শিশুক লৈ উধাও হৈছিল এগৰাকী মহিলা।

পেহীয়েকৰ সৈতে ৰঙিয়াৰ ষ্টেট বেংকলৈ আহিছিল কণমানিজনী।

কণমানিজনীৰ পেহীয়েকৰ লগতে আহিছিল মহিলাগৰাকী। চাহ খাবলৈ হোটেলত যাওঁতেই শিশুটিক লৈ উধাও হৈছিল মহিলাগৰাকী।

অভিযুক্ত মহিলাগৰাকীৰ নাম মামনি দাস বুলি জানিব পৰা গৈছিল।

ই-ৰিক্সাত শিশুটিক অপহৰণ কৰি লৈ গৈছিল মামনি নামৰ মহিলাগৰাকীয়ে । CCTV ত বন্দি হৈছিল শিশুটিক লৈ যোৱাৰ সমগ্ৰ দৃশ্য়।

আৰু তাৰ পিছতেই ৰঙিয়া আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। অৱশেষত আৰক্ষীয়ে হাউলীৰ পৰা উদ্ধাৰ কৰে অপহৃত শিশুটিক।

উল্লেখ্য় যে , ৰিম্পীক অপহৰণ কৰি লৈ যোৱা মহিলাগৰাকীয়ে পণ বিচাৰিছিল ৰিম্পীৰ পৰিয়ালৰ পৰা। কিন্তু ৰঙিয়া আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিবলে সক্ষম হয় ।

ইতিমধ্য়ে অভিযুক্ত মামনি দাসক আটক কৰি হাউলী থানাত ৰখা হয়। পৰবৰ্তী সময়ত মহিলাগৰাকীক ৰঙিয়া আৰক্ষী থানাত লৈ অনা হ’ব আৰু কোন কোন এই ঘটনাৰ সৈতে জড়িত তাক লৈ জেৰা চলোৱা হ’ব।