Local, Vocal, Global

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰিমগঞ্জ ভ্ৰমণ

নিউজ ডেস্ক, ১ জুন : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে কৰিমগঞ্জ জিলা ভ্ৰমণ কৰি শ্ৰীৰামপুৰ গাঁৱৰ বান পৰিস্থিতি আৰু বানপীড়িত লোকসকলৰ বুজ লয়।

মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰ যোগে কয় যে, “যিসকল লোকে তেওঁলোকৰ কষ্টৰ সৈতে যুঁজি আছে তেওঁলোকৰ স্থিতিস্থাপকতা দেখি প্ৰভাৱিত হৈছো। ডিচিক সকাহৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ কৈছো,”।

মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত অঞ্চলটোৰ ১১৪ নম্বৰ ৰাম কৃষ্ণ পাঠশালাও পৰিদৰ্শন কৰে ।

শৰ্মাই ইয়াৰ পৰিচালকক আশ্বাস দিয়ে যে অসম চৰকাৰে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়খনৰ পুনৰ নিৰ্মাণৰ বাবে পৰ্যাপ্ত সমৰ্থন আগবঢ়াব।

ইফালে, আজি পুৱা প্ৰায় ৬ বজাত বানপানীৰ ফলত অসমৰ কৰিমগঞ্জ বাইপাছৰ কাষৰ ৩০ মিটাৰ দীঘল পথ খহি যোৱাৰ ফলত যানবাহনৰ চলাচলৰ বাবে ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে।

এছিয়াৰ অন্যতম বৃহৎ মিঠা পানীৰ হ্ৰদ হিচাপে গণ্য কৰা কৰিমগঞ্জস্থিত Son Beelক এক বৃহৎ পৰ্যটন সম্ভাৱনা হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে ওচৰত Son Beelৰ এটা অতিথিশালা আৰু এটা ফ্লোটিং সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় ।