Local, Vocal, Global

Karan Johar আৰু Dharma Productionক সামাজিক মাধ্যম যোগে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্ক, ৫ জুলাই : বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা Karan Johar আৰু Dharma Productionএ অসমত হোৱা প্ৰলয়ংকৰী বানপানীৰ সন্মুখীন হোৱা লোকসকলক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১ লাখ দান কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১১ লাখ টকাৰ অৱদান আগবঢ়োৱাৰ বাবে বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা Karan Johar আৰু Dharma Productionক সামাজিক মাধ্যম যোগে ধন্যবাদ জনাইছে।

শৰ্মাই পৰিচালক ৰোহিত চেট্টীকো অসম বানপানীৰ কাৰণে সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক একত্ৰিত কৰাৰ পদক্ষেপৰ বাবে ধন্যবাদ প্ৰদান কৰে।

ইয়াৰ পূৰ্বে বলীউডৰ অভিনেতা তথা পৰিচালক আমিৰ খানে ২৫ লাখ টকা, ব্যৱসায়িক টাইকুন মুকেশ আম্বানীয়ে ২৫ কোটি টকা, বলীউড অভিনেতা অৰ্জুন কাপুৰ, পৰিচালক ৰোহিত চেট্টী আৰু গায়ক চনু নিগমে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকাকৈ বৰঙণি আগবঢ়াইছিল। আনহাতে, সংগীত প্ৰযোজক ভূষণ কুমাৰেও অসমৰ বানপীড়িত লোকসকলৰ বাবে ১১ লাখ টকা দান কৰে।