Local, Vocal, Global

ৰাষ্ট্ৰপতিৰ অনুষ্ঠানত প্ৰস্তুতিৰ বুজ লৈ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্য সচিব

নিউজ ডেস্ক, ২৩ ফ্ৰেব্ৰুৱাৰীঃ আজি পুৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পুনৰবাৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। ৰাজ্যৰ মুখ্য সচিব জিঞ্চু বৰুৱা, আৰক্ষী অধীক্ষক ভাস্কৰজ্যোতি মহন্ত আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনৰ উপস্থিতিত বিশ্ববিদ্যালয়খনত অহা শুক্ৰবাৰে ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিব লগা কাৰ্যসূচীৰ প্ৰস্তুতি পৰ্যালোচনা কৰে।
            উল্লেখ্য যে, অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ আগবেলা আয়োজিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ঊনবিংশতিতম দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশৰ সাংবিধানিক মুৰব্বীগৰাকীক তেজপুৰৰ এই কাৰ্যসূচীলৈ আদৰণিৰ বাবে প্ৰশাসনৰ সহযোগত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা চলোৱা প্ৰস্তুতিৰ লগতে ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ ক্ষেত্ৰত জড়িত থকা প্ৰট’কল বিষয়ক দিশসমূহকলৈয়ো স্বাস্থ্যমন্ত্ৰী, মুখ্যসচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে চৰকাৰী বিষয়াবৰ্গ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰে।
         বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত এই আলোচনাত ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণু, উত্তৰ অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক, শোণিতপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, ভাৰতীয় সেনাবাহিনী আৰু বায়ুসেনাৰ তেজপুৰস্থ বিষয়াৰ লগতে জিলাখনৰ লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, বনবিভাগ আদি একাধিক বিভাগৰ বিষয়াবৰ্গও উপস্থিত থাকে।
         ইয়াৰপিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অতিৰিক্ত সঞ্চালক প্ৰধান, আৰক্ষী উপ মহাপৰিদৰ্শক, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে বিশ্ববিদ্যালয় চৌহদত সাজু কৰা হেলিপেড, বিশ্ৰাম কক্ষ আদিৰ ব্যৱস্থাৱলীও পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক কেতবোৰ দিশত প্ৰয়োজনীয় দিহা দিয়ে।