Local, Vocal, Global

ছত্তীশগড়ৰ বিধায়ক দেৱব্ৰত সিঙৰ ৫২ বছৰ বয়সত মৃত্যু

জনতা কংগ্ৰেছ ছত্তীশগড় (জে)ৰ বিধায়ক দেৱব্ৰত  সিঙৰ বৃহস্পতিবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়, তেওঁৰ পৰিয়ালৰ সদস্য সকলে কয়।

ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত ছত্তীশগড়ৰ  ৰাজনন্দগাঁও জিলাৰ খাইৰাগড়ৰ এখন চিকিৎসালয়লৈ নিয়াৰ পিছত ৫২ বছৰীয়া নেতাজনক চিকিৎসকে মৃত ঘোষণা কৰে।

বিধায়কজনৰ এজন নিকট আত্মীয় সুনীল সিঙে পিটিআইৰ উদ্ধৃতিৰে কয়, “সিঙে পুৱা প্ৰায় ১ বজাত বুকুৰ বিষৰ অভিযোগ কৰিছিল, যাৰ পিছত তেওঁক ততাতৈয়াকৈ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।”

সিঙে তেওঁৰ পুত্ৰ আৰু এজনী কন্যাক এৰি গৈছিল। বিধায়কজনে মাৰ্চত ছত্তীশগড় বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়ত কৰোনাভাইৰাছ সংক্ৰমণত আক্ৰান্ত হৈছিল।

খাইৰাগড়ৰ পূৰ্বৰ ৰাজপৰিয়ালৰ অন্তৰ্ভুক্ত চাৰিবাৰৰ বিধায়কগৰাকী ১৯৯৫ চনত খাইৰাগড়ৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৯৮ চনত দ্বিতীয়বাৰৰ বাবে তেতিয়াৰ অবিভক্ত মধ্য প্ৰদেশত নিৰ্বাচিত হৈছিল ।