Local, Vocal, Global

Watch | Chengeliajhar Higher Secondary School shines again: পুনৰ উজ্বলি উঠিল চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

ছিপাঝাৰ: দৰঙৰ ছিপাঝাৰৰ চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি উজ্বলি উঠিল। বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ ৮৬ পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত ৪২ গৰাকী, দ্বিতীয় বিভাগত ৪৩ গৰাকী উত্তীৰ্ণ হয়।ইয়াৰে পাৰ্থপ্ৰতিম শৰ্মা নামৰ দৰিদ্ৰ পৰিয়ালৰ পৰীক্ষাৰ্থী গৰাকীয়ে অসমীয়াত ৯৪ , ইংৰাজীত ৯১, সাধাৰণ গণিতত ৯৯ সাধাৰণ বিজ্ঞানত ৯১ , সমাজ বিজ্ঞানত ৭৭ আৰু ঐচ্ছিক গণিতত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ছাত্ৰ গৰাকীৰ মুঠ নম্বৰ ৫৫১ নম্বৰেৰে ৯১.৮৩ শতাংশ লাভ কৰে।পিতৃ চাহ দোকান দি কষ্টৰ মাজেৰেই পুত্ৰ পঢ়ুৱাইছিল।যাৰ পিছত দুখৰ চকুলোৰ বিপৰীতে আজি পুত্ৰৰ ফলাফলত আনন্দিত হৈ পৰিছে।মাতৃ অমৃতা দেৱীৰো এই‌ একেই আনন্দ উৎসাহ। ইঞ্জিনিয়াৰিঙত পঢ়াৰ ইচ্ছা থকা পাৰ্থপ্ৰতিম শৰ্মাই নিয়মিত ভাবে পুৱা গধূলি অধ্যয়ন কৰিছিল আৰু পৰীক্ষাৰ পিছত এটা ভাল ফলাফল লাভ কৰিব বুলি আশা কৰিছিল। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলো পৰীক্ষাৰ ফলাফলকলৈ আনন্দিত হৈ পৰিছে।