Local, Vocal, Global

India Namibia friendship: ভাৰত-নামিবিয়াৰ বন্ধুত্বৰ নতুন প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিলে ‘চিতা’ই: এছ. জয়শংকৰ

নেশ্যনেল ডেস্ক, ৭ জুন: নামিবিয়া ভ্ৰমণ সমাপ্ত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (External Affairs Minister) এছ. জয়শংকৰে উল্লেখ কৰে যে ভাৰত আৰু নামিবিয়াৰ মাজত হোৱা বন্ধুত্বৰ এক নতুন প্ৰতীক হিচাপে প্ৰকল্প চিতাই আত্মপ্ৰকাশ কৰিছে (Friendship between India and Namibia) ।

মন্ত্ৰী জয়শংকৰে উল্লেখ কৰে যে বহু দশকৰ ৰাজনৈতিক সংগ্ৰাম, অধিক সমসাময়িক পৃথিৱীৰ বাবে প্ৰস্তুতি চলোৱাৰ প্ৰত্যাহ্বান, প্ৰযুক্তিৰ প্ৰতিশ্ৰুতি, উমৈহতীয়া প্ৰশিক্ষণ আৰু ভাগ বতৰাৰ অভিজ্ঞতাবোৰ হৈছে ভাৰত আৰু নামিবিয়াক বিভিন্ন দিশত একত্ৰিত কৰা বিষয়সমূহৰ ভিতৰত অন্যতম (India Namibia friendship) ।

নামিবিয়া ভ্ৰমণ সমাপ্ত কৰাৰ অন্তত এছ. জয়শংকৰে কয়, ” ভাৰত আৰু নামিবিয়াক একেলগে বান্ধি ৰখাৰ এনে বহু দিশ আছে যি বহুক্ষেত্ৰত, সম্ভৱতঃ দুয়োখন সমাজত সমানে আৰামদায়ক এক চঞ্চল, দ্ৰুতগতিত চলা প্ৰাণী এবিধে ভৱিষ্যতে আমাৰ বাবে অপেক্ষা কৰি থকাৰ এক উপযুক্ত প্ৰতীক ।”

তেওঁ লগতে কয়, “মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যান(Kuno National Park in Madhya Pradesh)লৈ নামিবিয়াৰ চিতাক স্থানান্তৰিত কৰাৰ বিষয়টোৱে স্পষ্টভাৱে ভাৰতৰ প্ৰতি যথেষ্ট আগ্ৰহ জগাই তুলিছিল (Relocation of Namibian Cheetas)।

তেওঁ লগতে কয়, “নামিবিয়াৰ চীতাক মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰাৰ বিষয়টোৱে নিশ্চিতভাৱে ভাৰতৰ প্ৰতি যথেষ্ট আগ্ৰহ জগাই তুলিছিল । কিন্তু একেদৰে, মই নামিবিয়ালৈ যোৱাটো আৱিষ্কাৰ কৰাৰ দৰে, সেই দেশৰ ৰাজহুৱা আলোচনাবোৰতো ই অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰে ।”

জয়শংকৰে লগতে কয় যে প্ৰতিটো সম্পৰ্কৰ মূল আধাৰ হৈছে মানুহৰ সৈতে যোগাযোগ কৰা। ভাৰতীয় কলা-সংস্কৃতি (Indian arts and culture)ৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ ফলশ্ৰুতিত আজি দুয়োখন দেশ একত্ৰিত হৈ আমাৰ পৰম্পৰা আৰু ঐতিহ্যৰ বিকাশ আৰু প্ৰতিপালনৰ বাবে আগবাঢ়িছে (Traditions and heritage) ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ক’লে, “বাণিজ্য আৰু বিনিয়োগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, বাণিজ্যৰ স্তৰ এতিয়া প্ৰায় ৩০ কোটি মাৰ্কিন ডলাৰৰ কাষ চাপিছে । আৰু য’ত বিনিয়োগৰ কথা আহিছে, তাত হীৰাৰ সৈতে জড়িত ২২টা ভাৰতীয় কোম্পানীৰ উপস্থিতি, যিয়ে আজি নামিবিয়ানসকলক তেওঁলোকৰ ব্যৱসায়িক মডেলৰ অংশ হিচাপে প্ৰশিক্ষণ আৰু দক্ষতা প্ৰদান কৰে, ই এনে এক বিষয় যাৰ বাবে ভাৰতে গৌৰৱ কৰাৰ থল আছে’।

জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্যৰ(International Year of Millets) ওপৰতো আলোচনা কৰিছিল, যি তেওঁৰ মতে “প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা ব্যক্তিগতভাৱে পৰিচালিত”।

নামিবিয়াতো কেৱল মিলেট খোৱাৰ পৰম্পৰাই নহয়, সময়ে সময়ে ভাৰতৰ পৰা তেওঁলোকৰ দেশলৈ মিলেট আমদানি কৰে (Millet imports from India)। গতিকে উৎপাদন আৰু ব্যৱহাৰ কেনেদৰে বৃদ্ধি কৰিব পাৰি সেয়া ভৱিষ্যতৰ সম্ভাৱনাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা হোৱা বুলিও তেওঁ কয় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, “নামিবিয়াত আমাৰ সেনা আৰু বায়ুসেনাৰ দুয়োটা দল উপস্থিত আছে যিয়ে নামিবিয়াৰ প্ৰতিৰক্ষা বাহিনীৰ অভিযানত বিভিন্ন ধৰণে সহায় কৰি আহিছে (Indias export capabilities) । আৰু এইখন দেশত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ৰপ্তানি ক্ষমতাক লক্ষ্য কৰি আহিছো।”

১ জুনৰ পৰা ৬ জুনলৈ আছিল জয়শংকৰৰ আফ্ৰিকাৰ দেশসমূহ, দক্ষিণ আফ্ৰিকা আৰু নামিবিয়া ভ্ৰমণৰ কাৰ্যসূচী (S Jaishankars visit to African countries) ।

লক্ষণীয়ভাৱে, ভাৰত আৰু চীনে আফ্ৰিকাৰ সৈতে সক্ৰিয়ভাৱে তেওঁলোকৰ সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে।

চীনে বহু বছৰ ধৰি আফ্ৰিকাৰ আন্তঃগাঁথনি, খনন, তেল আৰু প্ৰাকৃতিক গেছ খণ্ডৰ লগত জড়িত হৈ আহিছে । ইয়াৰ বিপৰীতে ভাৰতে পলমকৈ আগবাঢ়ি যোৱাৰ পিছতো প্ৰশিক্ষণ, শিক্ষা আৰু ক্ষমতা নিৰ্মাণ কাৰ্যসূচীৰ জৰিয়তে বিভিন্নকেইটা কাম কৰিছে – যিবোৰ কামে বিভিন্ন দেশৰ পৰা সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই ২০১৮-২০২১ বৰ্ষৰ পৰা চাৰি বছৰৰ ভিতৰত আফ্ৰিকাত ১৮টা নতুন ভাৰতীয় মিছন মুকলি কৰিবলৈ অনুমোদন জনাইছিল (Indian Missions in Africa) । এই পদক্ষেপক ভাৰত-আফ্ৰিকা সম্পৰ্কত এক বৃহৎ উত্থান হিচাপে দেখা পৰিলক্ষিত হৈছে (Major boost to India Africa relations)।

লগতে পঢ়ক : Flag off of International Cruise Vessel : চেন্নাই, শ্ৰীলংকাৰ মাজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ জাহাজৰ শুভাৰম্ভ