Local, Vocal, Global

Kuki Community Protests In Front Of Amit Shah Residence : অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত কুকি সম্প্ৰদায়ৰ তীব্ৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক, ৭ জুন : বুধবাৰে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত মণিপুৰৰ বহু সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে (Kuki Community Protests)। ইম্ফলত মেইটেই সম্প্ৰদায়ৰ সদস্যসকলে ভিজিল অনুষ্ঠিত কৰাৰ এদিন পিছতে মণিপুৰত জাতিগত হিংসা বন্ধ কৰাৰ বাবে প্লেকাৰ্ড আৰু আবেদনেৰে ৰাজ্যখনৰ কুকি জনগোষ্ঠীৰ মহিলাসকলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে, ধাৰাবাহিক হিংসাত্মক পৰিস্থিতিৰ পিছতো মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই (Manipur violence) ৷ প্ৰতিবাদকাৰীসকলে কয় যে অমিত শ্বাহে ৰাজ্যত শান্তি ঘূৰি আহিব বুলি আশ্বাস দিছিল । গতিকে আমি তেওঁক লগ কৰিবলৈ আহিছো । ৰাজ্যত এতিয়াও সংঘটিত হৈ আছে কুকি জনগোষ্ঠীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা । গতিকে প্ৰতিবাদকাৰীসকলে শান্তিৰ দাবীত গৃহমন্ত্ৰীক শান্তিপূৰ্ণভাৱে সাক্ষাৎ কৰিবলৈ আহিছে । লগতে তেওঁলোকে কয় যে কেৱল গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে আমাক সহায় কৰিব পাৰিব ।

মঙলবাৰে নিশা মণিপুৰত মানৱ শৃংখলৰ আয়োজন কৰা মেইটেই জনগোষ্ঠীৰ লোকৰ ভিজিলৰ পিছতে এই বিক্ষোভ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে কুকি বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শ্লোগান গাই উত্তাল কৰি তোলে ।

উল্লেখ্য যে পৃথকে পৃথকে মণিপুৰত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহীৰ মাজত বন্দুকৰ গুলিচালনাত মঙলবাৰে পুৱা এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে অসম ৰাইফলছৰ দুজন জোৱান আহত হয় ।

ম্যানমাৰৰ সীমান্তৱৰ্তী উত্তৰ-পূব ৰাজ্যখনত বিগত কেইসপ্তাহমানৰ পৰা উত্তেজনাৰ সৃষ্টি হৈছে । মে’ মাহৰ আৰম্ভণিৰ পৰাই দাঙ্গা আৰু জাতিগত সংঘৰ্ষৰ ফলত কমেও ৮০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ হাজাৰ লোক গৃহহীন হৈ পৰিছে । নিৰাপত্তা বাহিনীয়ে ব্যাপক দমন অভিযান চলাই যোৱা পাছতো ৩০ জনতকৈ অধিক বিদ্ৰোহী নিহত হয় ।

জনজাতিসমূহক দিয়া অৰ্থনৈতিক সুবিধা আৰু কোটাক লৈ জনজাতীয় গোটসমূহে সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পৰাই জাতিগত হিংসা আৰম্ভ হৈছিল। জনজাতীয় সম্প্ৰদায়সমূহে মেইটেইসকলৰ বাবে তেওঁলোকৰ সুবিধা সম্প্ৰসাৰণৰ সম্ভাৱনাক লৈ চিন্তিত হৈ পৰিছে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে অমিত শ্বাহে হিংসাত্মক পৰিস্থিতিৰ বুজ ল’বলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বিধ্বস্ত মণিপুৰ ভ্ৰমণ কৰি সকলো সম্প্ৰদায় আৰু নেতাৰ প্ৰতিনিধিক সাক্ষাৎ কৰিছিল (Amit Shah visited Manipur last week) । কৰিছিল । আনহাতে, মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ কুকি জনগোষ্ঠীৰ মাজত এতিয়াও ক্ষোভৰ সৃষ্টি হৈছে (Manipur violence)।

মণিপুৰৰ শান্তি আৰু সমৃদ্ধি চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে শান্তি বিঘ্নিত কৰা যিকোনো কাৰ্যকলাপৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিয়ে।

লগতে পঢ়ক : Wrestlers Protest : কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী