Charaideo Mahotsav 2025: কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ
সোণাৰি,৮জানুৱাৰী : কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মহোৎসৱ।
তিনিদিনীয়া মহোৎসৱৰ কাৰ্যসূচীত বিশ্বৰ ভালে কেইখন দেশৰ ৰাষ্ট্ৰদূতে অংশগ্ৰহণ কৰাৰ কথা আজি সংবাদমেলত সদৰি কৰিলে উদ্যোক্তা মণ্ডলীয়ে। সকলো ৰাইজক সহায় সহযোগিতা কামনা কৰিলে উদ্যোক্তা মণ্ডলীৰ।
চৰাইদেউ মহোৎসৱতে বিশিষ্ট সংগীত পৰিচালক যতীন শৰ্মালৈ অসম কলা ৰত্ন বঁটা,লোক কৃষ্টি সাধক অনিল শইকীয়ালৈ জীৱন জোৰা শিল্প সাধনা বঁটা,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দিনেশ গগৈলৈ লোককৃষ্টি প্ৰজ্ঞা বঁটা,লোককৃষ্টি সাধক সুৰেখা বসুমতাৰীলৈ ৰুদ্ৰ সিংহ সমন্বয় বঁটা,বিশিষ্ট অনাতাৰ শিল্পী চৈয়দ চাদ্দুলালৈ কণ্ঠ শিৰোমণি বঁটা আৰু লোককৃষ্টি সাধক অশোক বৰদলৈলৈ সংগীত।শিৰোমণি বঁটা প্ৰদান কৰা হব(Charaideo Mahotsav 2025)।