Local, Vocal, Global

চৰাইদেউ জিলাত বৃদ্ধি পাইছে মহামাৰী কৰ’নাৰ সংক্ৰমণ

বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰসহ ব্যক্তিগত সহায়ক তথা গাড়ী চালকৰ দেহত ক’ভিদ পজিটিভ। তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সোণাৰিত। চৰাইদেউ জিলাত ক্ৰমাৎ তীব্ৰ গতিত বৃদ্ধি পাইছে মহামাৰী কৰ’নাৰ সংক্ৰমণ। বৰ্তমানলৈকে ১০৫ গৰাকী লোকৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰাৰ বিপৰীতে ৭২ গৰাকী লোকে আৰোগ্য লাভ কৰিছে। ১ গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে  ৩২ গৰাকী লোকৰ দেহত ক’ভিড ১৯ পজিটিভ সক্ৰিয় হৈ থকাৰ কথা সদৰী কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। আনহাতে শেহতীয়াকৈ আজি ডিব্ৰুগড়স্থিত আইচিএমআৰৰ পৰা অহা স্বাব পৰীক্ষাৰ ফলাফলে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ সোণাৰিত। ফলাফল অনুসৰি সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ(৩০), ব্যক্তিগত সহায়ক যীশু পাল (৩৯) আৰু গাড়ী চালক কাৰ্তিক বড়া(৩২) ৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ পজিটিভ। যাৰ ফলত এতিয়া তীব্ৰ গণ সংক্ৰমণৰ আশংকাই দেখা দিছে চৰাইদেউ জিলাত। যদিও বিধায়িকা নৱনীতা সন্দিকৈৰ ফলাফল নিগেটিভ ঘোষণা কৰা হৈছে তথাপিও পুত্ৰ, ব্যক্তিগত সহায়ক তথা গাড়ী চালকক নিচেই ওচৰৰপৰা পাইছে বিধায়িকাই। আনহাতে কালি আবেলি পৰ্যন্ত যিহেতু বিধায়িকা নৱনীতা সন্দিকৈয়ে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোহাঁই, উপায়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়া তথা বহু ব্যক্তিৰ লগত বিশেষ সভা এখনত উপস্থিত আছিল তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন জনৰ সংস্পৰ্শলৈ অহাটো নিশ্চিত হৈ পৰিছে।