Watch | Chapar road accident: চাপৰত একাংশ বাইক চালকৰ উৎভণ্ডালি

চাপৰ: দিনে নিশাই নিচাশক্ত হৈ বাইকৰে স্টেন্ট কৰিবলৈ গৈ বিপদত পেলাইছে পথচাৰী আৰু ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱা কৰা লোকক। তেনে এক ঘটনা সংঘটিত হৈছে চাপৰৰ আৰেয়াৰঝাৰত।
চাপৰৰ আৰেয়াৰঝাৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা। তীব্ৰ গতিত অহা পালছাৰ বাইক এখনে খুন্দিয়াই দিয়ে পৰিয়াল সহ থকা এখন গ্লেমাৰ বাইকক। ফলত গুৰুতৰভাৱে আহত হয় ৫ জনকৈ বাইক আৰোহী।
দুৰ্ঘটনাগ্ৰস্থ পালছাৰ বাইকখনৰ নম্বৰ – AS 26 G 4984 আৰু গ্লেমাৰ বাইকখনৰ নম্বৰ – AS 19 M 3054। আহত সকল ক্ৰমে ফলিমাৰী গাৱৰ নুৰ উদ্দিন (১৮) জাহিৰুল ইছলাম (১৯) মজিৰুল আলী (১৮) আনহাতে পুঠিমাৰী গাঁৱৰ জুৰান আলী (৪০) আমিনা খাতুন (২৫) জেৰিন তাছৰিন (৫) বুলি জানিব পৰা গৈছে।