Local, Vocal, Global

Assam | Chapar news: চাপৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ: চাপৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । ই-ৰিক্সা আৰু চাৰিচকীয়া মালবাহী বাহনৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনাৰ। দুৰ্ঘটনাৰ ফলত ই ৰিক্সা খনৰ চালক জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু মালবাহী বাহন খনৰ চালক জন পলায়ন কৰে । ততাতৈয়াকৈ চালকজনক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে। চালক জন চাপৰ কাজিপাৰাৰ মসিদুল ইছলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সা খনৰ নম্বৰ হৈছে AS-17-C-7325 আৰু মালবাহী বাহন খনৰ নম্বৰ হৈছে AS-01-MC-0704।ঘটনা স্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্থ বাহন দুখন থানালৈ লৈ যায়।