Watch | Chapar news: চাপৰৰ ফলিমাৰীত একাংশ দালালৰ চকু এতিয়া দুখীয়া দৰিদ্ৰৰ নামত আৱণ্টিত ধনৰ ওপৰত
চাপৰ: চাপৰৰ ফলিমাৰীত একাংশ দালালৰ চকু এতিয়া দুখীয়া দৰিদ্ৰৰ নামত আৱণ্টিত ধনৰ ওপৰত। জব কাৰ্ডৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা ধন মোকলাই দিয়াৰ নামত এক হাজাৰ টকাকৈ ধন সংগ্ৰহৰ অভিযোগ।
এই ধন নিদিলে দালালে নাম কৰ্তন কৰে ভুক্তভোগী দুখীয়া দৰিদ্ৰ লোকসকলৰ।
উল্লেখ্য যে চাপৰৰ ফলিমাৰী- কৃষ্ণকলী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ফলিমাৰীত চৰকাৰে PMAY গৃহৰ নামত জব কাৰ্ডৰ জৰিয়তে প্ৰায় ১৮ হাজাৰৰ পৰা ২০ হাজাৰ টকাকৈ প্ৰদান কৰে হিতাধিকাৰী সকলক। কিন্তু ফলিমাৰী গাঁৱৰে সাইদুল ইছলাম নামৰ লোকজনে উক্ত ধন মোকলাই দিয়াৰ নামত হিতাধিকাৰী সকলৰ পৰা এক হাজাৰ টকাকৈ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে।
যদি কোনো হিতাধিকাৰীয়ে এই ধন নিদিয়ে তেন্তে তেখেতসকলৰ নাম সাইদুল ইছলামে কৰ্তন কৰি দিয়াৰ অভিযোগ। ঘটনাৰ সবিশেষ ফোন কল ৰেকৰ্ডিংৰ জৰিয়তে ভাইৰেল হৈ পৰিছে। এতিয়া প্ৰশ্ন হয় এজন সাধাৰণ লোক হৈ চৰকাৰী ধনৰ পৰা হিতাধিকাৰীৰ নাম কৰ্তন কৰিবলৈ দ্বায়িত্ব দিলে কোনে?নে ইয়াৰ লগত কোনো বিভাগীয় লোক জৰিত আছে সেয়া তদন্দতহে ওলাই পৰিব।
লগতে পঢ়ক: Jagiroad news: জাগীৰোডৰ এজন লোকে এখন গাড়ী বিক্ৰী কৰি এতিয়া পৰিছে মহা বিপদত