Local, Vocal, Global

Watch | Chapar Evictions Foods Distribution: চাপৰৰ উচ্ছেদিত অঞ্চলত উপস্থিত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খান

চাপৰ : চাপৰৰ উচ্ছেদিত অঞ্চলত উপস্থিত হয় কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খান সহ কংগ্ৰেছৰ এটি সজাতি দল। দলটোৱে উচ্ছেদিত অঞ্চলৰ সন্তোষপুৰ, চৰুৱাবাখৰাত উপস্থিত হৈ উচ্ছেদিত পৰিয়ালৰ বিভিন্ন সমস্যাৰ বুজ লৈ উচ্ছেদিত পৰিয়ালৰ মাজত ত্ৰিপল, বিশুদ্ধ খোৱা পানী আদি বিতৰণ কৰে।

কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খানে এই উচ্ছেদক সম্পূৰ্ণৰূপে অমানৱীয়, অসাংবিধানিক আখ্যা দি কয় যে- ” হিমন্ত বিশ্ব শৰ্মাই ২০২৬ ৰ বিধানসভা নিৰ্বাচন বৈতৰণি পাৰ কৰিবলৈ আৰু হিন্দু মুছলমানৰ মাজত বিভাজনৰ বাবে এই উচ্ছেদ কাৰ্য্য চলাই আছে। হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত চৰকাৰ চলাই থকা নাই গুণ্ডা ৰাজহে চলাই আছে। গৰু চোৰৰ ইচ্ছ্যু সম্পূৰ্ণৰূপে ডাইভাৰ্ট কৰিবলৈহে এই অমানৱীয় উচ্ছেদ অভিযান আৰম্ভ কৰিছে”।
হিমন্ত বিশ্ব শৰ্মাৰ এদিন এনেকুৱা দিন আহিব উচ্ছেদিত পৰিয়ালৰ পাপ আৰু অভিশাপ লাগি মৃত্যুক আকোঁৱালি ল’ব বুলিও বিস্ফোৰক মন্তব্য আগবঢ়ায় অধ্যক্ষ গৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী উচ্ছেদ কৰা মন্তব্যক উভতি ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অমৃত বাদশাই কয় যে- মুখ্যমন্ত্ৰীয়ে অসমত ক’ত বাংলাদেশী উচ্ছেদ কৰিলে দেখুৱাই দিয়ক, যদি বাংলাদেশী উচ্ছেদ কৰিছে হিমন্ত চৰকাৰে কিয় উচ্ছেদিত ভুমিহীন পৰিয়ালক টকা আৰু মাটি দিলে?

লগতে পঢ়ক: Watch | Dalgaon tragic road accident: দৰং দলগাঁৱত অন্তৰ্গত চিকাৰআলিত ভয়ংকৰ পথ দুৰ্ঘটনা