Watch | Chapar eviction place visit congress MLA: চাপৰৰ চৰুৱাবাখৰা,সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত জাকিৰ হুছেইন শিকদাৰ
চাপৰ: চাপৰৰ চৰুৱাবাখৰা,সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ আৰু কংগ্ৰেছৰ এটি সজাতি দল। উপস্থিত হৈ উচ্ছেদিত লোকসকলৰ খা খবৰ লোৱাৰ লগতে তিৰপাল ,খাদ্য সামগ্ৰী বিতৰণ কৰে।
উপস্থিত হৈ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাক। হিটলাৰ মৰি যোৱা নাই অসমত হিটলাৰৰ ৰূপত হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে বুলিও মন্তব্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে।
আনহাতে কংগ্ৰেছ বিধায়ক ওৱাজিদ আলী চৌধুৰীয়ে কয়- যে মানুহখিনিৰ ন্যায়ৰ বাবে প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কংগ্ৰেছ।
লগতে পঢ়ক: Watch | UPPL Rakesh Brahma: ‘হিমন্ত বিশ্ব শৰ্মা মোৰ মামা আৰু মই তেওঁৰ ভাগিন’- UPPL ৰাকেশ ব্ৰহ্ম