CHAPAR ADVANTAGE ASSAM MEETING: এডভান্টেজ আছামৰ ওপৰত চাপৰত বিশেষ কৰ্মশালা

৭ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক: চাপৰৰ শৰৎ চন্দ্ৰ সিংহৰ কৃষি মহাবিদ্যালয়ত অনুষ্ঠিত হয় এডভান্টেজ আছামৰ ওপৰত এখন বিশেষ কৰ্মশালা। ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাক সামৰি অনুষ্ঠিত হয় এই কৰ্মশালা। য’ত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলা প্ৰসাশনৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল। ইয়াৰ উপৰি উক্ত সভাত উপস্থিত থাকে অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী আৰু কেএচি’ৰ মূখ্য পাৰিষদ জীৱেশ ৰায়। সভাত বিভিন্ন বিষয়ত বিতং ভাবে আলোচনা পৰ্যালোচনা কৰাৰ উপৰি গুৱাহাটীত অনুষ্ঠিত হ’ব লগা এডভান্টেজ আছামৰ কাৰ্যসূচীত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰিব তথা নিজৰ নাম পঞ্জীয়ন কৰাৰ উপৰিও নিজৰ সামগ্ৰী প্ৰদৰ্শনী কৰিবলৈ সুযোগ লাভ কৰিব এই বিষয়ত অৱগত কৰে।