Local, Vocal, Global

Chandrayaan-3 landing:মাজত মাত্ৰ কেইটামান মুহূৰ্ত;এক নতুন ইতিহাসৰ সাক্ষী হ’ব ভাৰত

নিউজ ডেস্ক,২৩ আগষ্ট : মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত ।সকলোৱে মাজত উৎকণ্ঠা ।ইতিহাস ৰচিবলৈ গৈ আছে ভাৰতে ।এক নতুন ইতিহাসৰ সাক্ষী হ’ব ভাৰত । আজি সন্ধিয়াই ISROএ ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা । চন্দ্ৰযান-৩ ইতিমধ্যে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত উপনীত হৈছে(Chandrayaan-3 landing)।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২৩ আগষ্ট অৰ্থাত আজি সন্ধিয়া ৬ বাজি ০৪ মিনিটত চন্দ্ৰপৃষ্ঠত ‘চন্দ্ৰযান-৩’ৰ অৱতৰণৰ সময় নিৰ্ধাৰণ কৰিছে । ৰাছিয়াৰ চন্দ্ৰ অভিযান ‘লুনা-২৫’ বিফল হোৱাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ ‘চন্দ্ৰযান-৩’ ৰ ওপৰত। সকলো সুকলমে থাকিলে আজি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে(Chandrayaan 3 soft landing on Moon at 6.04pm after crucial vertical turn)।

অৱতৰণৰ প্ৰায় ২ ঘণ্টা পূৰ্বৰ পৰাই ‘ইছৰো’ৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা হব ‘ছফ্ট লেণ্ডিং’ৰ Live টেলিকাষ্ট। চন্দ্ৰযান-৩ অৱতৰণ সন্ধিয়া ৬ বাজি ৪ মিনিটত নিৰ্ধাৰণ কৰা হৈছে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সেই সময়ৰ সাক্ষী যাতে সকলোৱে হ’ব পাৰে, সেয়ে ISROএ এই অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ ইয়াৰ ৱেবছাইট (website) , ইউটিউব চেনেল (YouTube) , ফেচবুক (Facebook) আৰু ডিডি নেচনেল টিভিত (DD National TV) সন্ধিয়া ৫ বাজি ২৭ মিনিটৰ পৰা কৰিব। সমগ্ৰ দেশতে ইয়াৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।

এই গৌৰৱসময় মুহূৰ্তৰ ক্ষণ উপভোগ কৰিবলৈ অসমৰ সকলো চৰকাৰী বিদ্যালয়সমূহ খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। দেশৰ এই চন্দ্ৰ অভিযানৰ সফলতালৈ সকলোৱে অধীক আগ্ৰহেৰে বাট চাই আছে । বিদ্য়ালয়-মহাবিদ্যালয়সমূহে এই ঐতিহাসিক অৱতৰণৰ লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰিছে ।

চন্দ্ৰ অভিযানৰ কৃতিত্ব অৰ্জন কৰা বিশ্বৰ চতুৰ্থখন দেশৰ হ’ব ভাৰত । ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পিছত চন্দ্ৰপৃষ্ঠত soft landing প্ৰযুক্তি আয়ত্ত কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰিব। চন্দ্ৰপৃষ্ঠৰ ৩০ কিলোমিটাৰ ওপৰৰ পৰা ৰোভাৰ প্ৰজ্ঞানৰ সৈতে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ চেষ্টা কৰিব লেণ্ডাৰ বিক্ৰমে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ আগন্তুক ১৪ দিনৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব ৰ’ভাৰ প্ৰজ্ঞানে । আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰৰো পৰীক্ষা কৰিব।

লগতে পঢ়ক :Chandrayaan-3 : বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা নতুন ফটো শ্বেয়াৰ কৰিলে ISRO