Justices Ujjal Bhuyan : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ
নেশ্যনেল ডেস্ক, ১৪জুলাই : শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে অসমৰ সন্তান উজ্জ্বল ভূঞাই । শপত বাক্য পাঠ কৰোৱালে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে । তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছে অসমৰ সন্তান উজ্জ্বল ভূঞা Justices Ujjal Bhuyan)। তেওঁৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটা নাৰায়ণভাট্টিয়ে (Justices Ujjal Bhuyan and SV Bhatti sworn in as Supreme Court judges) । আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩২জনলৈ বৃদ্ধি।
উল্লেখ্য যে দেশৰ সর্বোচ্চ ন্যায়ালয়ত খালী হৈ আছিল তিনিগৰাকী ন্যায়াধীশৰ পদ। উচ্চতম ন্যায়ালয়ত খালী হৈ থকা তিনিগৰাকী ন্যায়াধীশৰ পদ পূৰণ কৰাৰ বাবে কলেজিয়ামে তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশত থকা উজ্জ্বল ভূঞাক পৰামৰ্শ আগবঢ়াইছে। পৰামৰ্শত প্ৰথমেই ন্যায়াধীশ উজ্জ্বল ভূঞাৰ নাম উল্লেখ কৰিছে । কলেজিয়াম বৈঠকত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্তে এই সিদ্ধান্ত গ্ৰহণ কৰে(Supreme Court Collegium proposes new Chief Justices) ।
আৰু কলেজিয়ামে প্ৰস্তাৱত কয় যে উচ্চ ন্যায়ালয়ৰ যোগ্যতা, অখণ্ডতা আৰু দক্ষতা সতৰ্কতাৰে মূল্যাঙ্কন কৰাৰ পাছত কলেজিয়ামে দুয়োগৰাকী মুখ্য ন্যায়াধীশক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে সকলো ক্ষেত্ৰতে যোগ্য আৰু উপযুক্ত বুলি নিশ্চিত কৰিছে (Supreme Court Collegium new Justice appointment)।
উল্লেখ্য যে ,কলেজিয়ামে প্ৰস্তাৱত উল্লেখ কৰা মতে জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ এছ ভেংকটনাৰায়ণ ভাট্টিৰ নিযুক্তিৰ পৰামৰ্শ দিয়া হৈছে । জানিব পৰা মতে, ২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব লৈছিল উজ্জ্বল ভূঞাই ।
বিগত বৰ্ষৰ ২৮ জুনৰ পৰা তেলেংগানাৰ মুখ্য ন্যায়াধীশৰূপে হিচাপে দায়িত্ব পালন কৰি আছে ভূঞাই। বৰ্তমান ২০২২ চনৰ ২৮ জুনৰ পৰা তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিছে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেওঁৰ দীঘলীয়া কাৰ্যকালত ন্যায়াধীশ ভূঞাই আইনৰ বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতা লাভ কৰিছে । তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে । তেওঁৰ ৰায়সমূহে আইন আৰু ন্যায়সম্পৰ্কীয় বিস্তৃত বিষয়সমূহ সামৰি লয় ।
টুইটযোগে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে,”ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি মাননীয় ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উচ্চ ন্যায়ালয়ৰ দুই গৰাকী মুখ্য ন্যায়াধীশ তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটানাৰায়ণ ভাট্টিক নিযুক্তি দি আনন্দিত হৈছে” ৷