চন্দনা দেৱীৰ দেহাৱসান

নিউজ ডেস্ক, ২৭ জুলাই : কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা অসমীয়া শিল্পী চন্দনা দেৱীয়ে মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।
সূত্ৰ অনুসৰি, বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰ ফলত চন্দনাই অকাল মৃত্যুক আকোঁৱালি লয়।
বিজেপিৰ প্ৰাক্তন বিধায়িকা অঙ্গুৰলতা ডেকাই এটা টুইটযোগে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
অঙ্গুৰলতা ডেকাই টুইট কৰিছে “অসমচলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত নৃত্যশিল্পী শ্ৰীমতী চন্দনা দেৱীৰ মৃত্যুৰ কথা শুনি দুখ লাগিছে। বীভাৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা, বিদেহী আত্মাই চিৰশান্তিত থাকক। ওম শান্তি,”।