Local, Vocal, Global

নাজিৰাত অনুস্থিত সদৌ অসম কবি সন্মিলনৰ ষট্‌ত্ৰিংশত্তম প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰ : আজি নাজিৰাৰ শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘ নাজিৰা জিলা শাখাৰ প্ৰেক্ষাগৃহত শিৱসাগৰ জিলা কবি সন্মিলন আৰু নাজিৰা কবি সন্মিলনৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হয় সদৌ অসম কবি সন্মিলনৰ ষট্‌ত্ৰিংশত্তম (৩৬) প্ৰতিষ্ঠা দিৱস।

১৯৮৭চনৰ ৬ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে সমগ্ৰ অসমতে এক ব্যাপক কাব্যিক পৰিমণ্ডল গঢ়ি তুলিছে।উত্তৰ পূৰ্বাঞ্চলৰ এই সৰ্ববৃহৎ কাব্যিক অনুষ্ঠানৰ আজি ষট্‌ত্ৰিংশত্তম প্ৰতিষ্ঠা দিৱস নাজিৰাত দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হয়।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গ্ৰাম্য-কাৰু শিল্প প্ৰদৰ্শনী,কবিমেল আৰু সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত এখন মুকলি সভাও অনুস্থিত হয়। এই মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই সদৌ অসম কবি সন্মিলনৰ সম্পাদক উজ্জ্বল পাওগামে। এই মুকলি সভাতেই পাঁচখনকৈ গ্ৰন্থও উন্মোচন কৰা হয়।