দক্ষিণ শালমাৰাত এগৰাকী মাতৃয়ে জন্ম দিলে অস্বাভাৱিক আকৃতিৰ এটি সন্তান
নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰ : দক্ষিণ শালমাৰা সমষ্টিৰ মাজেৰ আলগাত এগৰাকী মাতৃয়ে অস্বাভাৱিক আকৃতিৰ এটি সন্তান জন্ম দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
যোৱা নিশা জৰুৱা মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এগৰাকী গৰ্ভৱতী মহিলাই জন্ম দিয়ে ভেকুলী সদৃশ এটি পুত্ৰ সন্তান ।
অৱশ্যে জন্ম হোৱাৰ পাছতেই নৱজাতকটোৰ মৃত্যু হয় ।
পুৱাৰ ভাগৰে পৰা কেচুৱাটো চাবলৈ চিকিৎসালয়ত ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হয় ।
খবৰ অনুসৰি, পদ্মেৰ আলগা গাৱৰ হাবিজুৰ ৰহমানৰ স্ত্ৰী মামণি খাতুনে জন্ম দিয়ে অস্বাভাৱিক আকৃতিৰ শিশুটো ।
বৰ্তমান, মাতৃ মামনি খাতুন চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে ।