Local, Vocal, Global

WATCH | CBSE Exam Results : নলবাৰীৰ ছাত্ৰীৰ সাফল্যত আনন্দৰ বন্যা বলোৱা ভৰালী চুবুৰীত

নলবাৰী,১৪মে’ : ২ নং গঙ্গাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিশোৰ ভৰালী আৰু অসমী ভৰালীৰ জ্যেষ্ঠ কন্যা নন্দিনী ভৰালীয়ে নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে।

CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৪ শতাংশৰে নলবাৰী জিলাৰ শীৰ্ষত নন্দিনী(CBSE Exam Results)৷

দশম শ্ৰেণীৰ CBSE পৰীক্ষাত ৯৯.৪ শতাংশ নম্বৰ লাভ। ইংৰাজীত ৯৩ , অসমীয়াত ১০০, গণিতত ১০০, বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৯ আৰু কম্পিউটাৰ বিজ্ঞানত ১০০ নম্বৰেৰে সৰ্বমুঠ ৪৯৭ নম্বৰ লাভ। নন্দিনী ভৰালীয়ে নলবাৰীৰ পানীগাঁওস্থিত ছেইণ্ট মেৰীজ স্কুলত অধ্যয়ন কৰিছিল।

লগতে পঢ়ক : WATCH | Sensational incident : প্ৰেমিকক ভিডিঅ’ কল কৰি মৃত্যুক আকোৱালি ল’লে প্ৰেমিকাই