Watch | Caw dies due to negligence of electricity department in Routa: ৰৌতাত বিদ্যুৎ বিভাগৰ গাফিলতিত গোধনৰ মৃত্যু
ওদালগুৰি: ৰৌতাত বিদ্যুৎ বিভাগৰ গাফিলতিত গোধনৰ মৃত্যু। ১১ হাজাৰ ভল্টৰ পৰিত্যক্ত তাঁৰত লাগি মৃত্যু চুলেইমান আলীৰ এটা পোহনীয়া গৰুৰ। ৪ দিনে ছিগি মাটিত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰিবলৈ আহৰি নাই ওদালগুৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ। ৰৌতাৰ সর্বহেৰুওৱা গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ থকা ট্ৰেন্সফৰ্মাৰৰ তাঁৰ ৪ দিনে মাটিত ওলমি পৰি থকাত গৰাকীয়ে খবৰ দিছিল জহিদুল ইছলাম নামৰ এগৰাকী বিদ্যুৎ বিভাগৰ কর্মচাৰীক।
কিন্তু ওপৰ মহলৰ নির্দেশ নহালৈকে পৰিত্যক্ত তাঁৰৰ মেৰামতি কৰা নহব বুলি হেনো জনাইছিল স্থানীয় লোকক। যাৰ ফলশ্ৰুতিত বিগত ৪ দিনে এনেদৰে পৰিত্যক্ত অৱস্থাত মাটিত পৰি আছিল ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ। যি তাঁৰত লাগি আজি মৃত্যু হল এটি গোধনৰ।
অতিশীঘ্ৰেই পৰিত্যক্ত বিদ্যুৎ পৰিবাহী তাঁৰ ঠিক কৰাৰ দাবী স্থানীয় ৰাইজৰ। ব্যস্ততাপূৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি থকা এনেবোৰ বিদ্যুৎ পৰিবাহী তাঁৰে চৰম ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোলৈ।