Cattle Smuggling : মৰিগাঁও জিলাৰ নেলীত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক পৰ্যায়ৰ চক্ৰ গৰু চিণ্ডিকেট

নিউজ ডেস্ক,২৩জুলাই : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন।
অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
এইবাৰ মৰিগাঁও জিলাৰ নেলীক অভিকেন্দ্ৰ হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক পৰ্যায়ৰ চক্ৰ গৰু চিণ্ডিকেট গঢ়ি তোলিছে। মৰিগাঁও জিলা আৰক্ষীয়ে মঙলবাৰেও নেলীত ৩৩ টা চোৰাং গৰু উদ্ধাৰ কৰে। লগতে জব্দ কৰে AS-02CC-2289 আৰু AS-01HC-9583 নম্বৰৰ দুখন ট্ৰাক ।নেলী হৈ মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে গৰু কেইটা উদ্ধাৰ কৰা হয়। ইফালে আৰক্ষীক দেখি কিলিং নৈত জাপ দি পলায়ন কৰে চালক আৰু হেণ্ডিমেনে।
উল্লেখ্য যে, মৰিগাঁও,নগাঁও জিলাৰ লগতে উজনি অসমৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰা গৰু আৰু গোপালকে কিনি অনা গৰুসমূহ নেলীৰ ঘন জংঘলত লুকুৱাই ৰাখে। ইয়াৰ পিছত নেলীৰ উক্ত স্থানৰ পৰা কাৰ্বি আংলং জিলাৰ সীমান্ত স্পৰ্শ কৰি থকা মেঘালয়ৰ গাঁওসমূহলৈ নেলী আৰক্ষী চকীৰ সন্মুখতে থকা খেলপথাৰ হৈ গনেশভেলী শালবাগান পথ, নেলী-কাৰ্বিআংলং পথ, গোপালকৃষ্ণ চাহ বাগিছা পথ ,পলাহগুৰি- ডাৱৰঘাট পথ, গোভা এলেকাৰে কিলিং নৈ পাৰ কৰি মেঘালয়ৰ আমজং নামৰ গাঁওখনলৈ আৰু জাগীৰোডৰ পশ্চিমৰ টোপাতলিৰ কাষেদি থকা পথৰে উমচিয়াং নদী পাৰ কৰি মেঘালয়লৈ সৰৱৰাহ হয় ।
ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আনি নেলীৰ বিভিন্ন অঞ্চলত জমা কৰা চুৰি গৰু সমূহ উক্ত পাহাৰীয়া পথ সমূহেৰে মেঘালয়ৰ নিৰ্দিষ্ট স্থানলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত উক্ত চিণ্ডিকেট চক্ৰই নিয়োগ কৰে স্থানীয় যুৱকক।
নিশা ভাগত প্ৰতিটো চুৰি গৰু নেলীৰ পৰা মেঘালয়লৈ খেদি নিয়াৰ বাবদ উক্ত স্থানীয় সৰবৰাহকাৰী যুৱকে দুই হাজাৰ টকাৰ পৰা তিনি হাজাৰ টকা পৰ্যন্ত লাভ কৰে।
স্থানীয় লোকে প্ৰকাশ কৰা মতে, প্রতি নিশাই ৫০ পৰা ১০০ গৰু উক্ত পাহাৰীয়া পথসমূহৰে সৰবৰাহ কৰা হয়। আনহাতে নিশাৰ ভাগত হাতত চোকা অস্ত্র লৈ গো-ধন সৰবৰাহত ব্যস্ত হয় স্থানীয় যুৱক। উক্ত বৃহৎ চুৰি গৰু চিণ্ডিকেট চক্ৰটো সন্দৰ্ভত মৰিগাঁও জিলাৰ নেলী আৰক্ষী জ্ঞাত যদিও এই চোৰাং গো-ধন সৰবৰাহ ৰোধ কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰি আহিছিল।
লগতে পঢ়ক : Veteran Musician Ramen Barua missing : বৰ্তমানলৈ সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ