Car Bursts Into Flames at GS Road : ৰাজপথত দপদপাই জ্বলি উঠিল ছুইফট ডিজায়াৰ বাহন

নিউজ ডেস্ক,৪ এপ্ৰিল : হঠাৎ ৰাজপথত দপদপাই জ্বলি উঠিল ছুইফট ডিজায়াৰ বাহন । মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। গণেশগুৰি ফ্লাইঅ’ভাৰৰ সমীপতে জ্বলি উঠিল চাৰিচকীয়া বাহনখন। ফলত সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ছুইফ্ট ডিজায়াৰ বাহনখন(Car Bursts Into Flames at GS Road)।
যান্ত্ৰিক বিজুতিৰ বাবেই বাহনখন জ্বলি উঠাৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।