অধিনায়ক বিৰাট কোহলীৰ পৰৱৰ্তী ৰেষ্টুৰেণ্টৰ বাবে পৰিকল্পনা
নিউজ ডেস্ক, ১ ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ( Virat Kohli ) তেওঁৰ পৰৱৰ্তী ৰেষ্টুৰেণ্ট খোলাৰ বাবে প্ৰয়াত অভিনেতা-গায়ক কিশোৰ কুমাৰৰ (Kishore Kumar) জুহু বাংলো ‘গৌৰী কুঞ্জ’ৰ (‘Gouri Kunj’) এটা অংশ পাঁচ বছৰৰ বাবে লীজত লৈছে।
বিৰাট কোহলীৰ এখন ৰেষ্টোৰেন্ট ‘One8 Commune’ৰ , আৰু সম্প্ৰতি খেলুৱৈ গৰাকীৰ ইনষ্টাগ্ৰাম বায়োত লিখা আছে “জুহু, মুম্বাই #ComingSoon”। ক্ৰিকেটাৰজনে শৃংখলাটোৰ তলত দিল্লী, কলকাতা আৰু পুনেত ৰেষ্টো-বাৰ খুলিছে।
উল্লেখ্য যে, অনলাইন ব্যৱসায়ৰ তালিকা অনুসৰি, জুহু স্পেচত আগতে ‘B Mumbai’ নামৰ এখন ৰেষ্টুৰেণ্ট আছিল যি এতিয়া বন্ধ হৈছে।
আনহাতে, কোহলীৰ অধিগ্ৰহণৰ নিবিদা সন্দৰ্ভত অধিক বিৱৰণ তাৎক্ষণিকভাৱে জনা নাযায়।
বৰ্তমান কোহলী United Arab Emirates (UAE)ত অনুস্থিত হৈ থকা এছিয়া কাপ ২০২২ ত ভাৰতীয় পুৰুষ দলৰ অংশ । দুৰ্বল ফৰ্মৰ পিছত, কোহলীয়ে কালি হংকঙৰ বিৰুদ্ধে যোৱা মেচখনত এটা উজ্জ্বল অৰ্ধশতক অৰ্জন কৰিছিল।