Local, Vocal, Global

শীঘ্ৰেই নতুন দল গঠন কৰিব কেপ্টেইন অমৰিন্দৰ সিঙে

কংগ্ৰেছ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে শীঘ্ৰেই তেওঁৰ নতুন দল ঘোষণা কৰিব। তেওঁ মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰসৈতে আসনক লৈ হোৱা চুক্তিৰ বিষয়েও প্ৰকাশ কৰিছে। তেওঁ আশা ব্যক্ত কৰি কৈছে যে, যদি কৃষক আন্দোলনৰ সমাধান কৃষকসকলৰ পক্ষত হয়, তেন্তে আসনৰ ক্ষেত্ৰত বিজেপিৰ সৈতে এক চুক্তি তৈয়াৰ কৰিব পাৰি।

উল্লেখ্য যে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধুৰ সৈতে দীঘলীয়া মতভেদ আৰু ৰাজ্যিক কংগ্ৰেছৰ আভ্যন্তৰীণ যুঁজৰ পিছত অমৰিন্দৰ সিঙে যোৱা মাহত পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই চৰণজিৎ সিং চান্নীক পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰিছিল।

অমৰিন্দৰ সিঙে মঙলবাৰে কয়, “পঞ্জাৱৰ ভৱিষ্যতক লৈ যুঁজ অব্যাহত আছে। আমি শীঘ্রই আমাৰ ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিম যাতে পাঞ্জাব আৰু ইয়াৰ জনসাধাৰণৰ স্বাৰ্থৰ বাবে আৰু সেই কৃষকসকল যিয়ে বিগত এবছৰ ধৰি তেওঁলোকৰ অস্তিত্বৰ বাবে যুঁজ দি আছে তেওঁলোকৰ বাবে কাম কৰিব পৰা যায়।