Local, Vocal, Global

কুকুৰৰ বিৰুদ্ধে অভিযান

কুকুৰতকৈ বিশ্বস্ত কোনেও নাই।যুগ যুগ ধৰি কুকুৰে নিজৰ বিশ্বস্বতাৰ লগতে প্ৰভু ভক্তিৰ নিদৰ্শন দাঙি ধৰি আহিছে। ছ’চিয়েল মিডিয়াত ‘ভাইৰেল হোৱা কেইবাখনো ছবিয়ে পুনৰ প্ৰদৰ্শন কৰিছে এই দিশটোৰ। মালয়েছিয়াৰ এটা চৰকাৰী বিভাগৰ ফেচবুক পৃষ্ঠাত ভাইৰেল হোৱা ছবিকেইখন প’ষ্ট কৰা হৈছিল, ছবিকেইখনত দেখিবলৈ পোৱা অনুসৰি নিজে বিপদৰ সন্মুখীন হোৱাৰ সময়তো পথত এজন লোকক সম্পূৰ্ণভাৱে নিৰাপত্তা প্ৰদানেৰে আগুৰি ধৰি ৰৈ আছে কেইবাটাও কুকুৰে। দেশখনৰ কাজাং চহৰৰ বিভিন্ন পথত সন্ধিয়াৰ পৰা মাজনিশা পৰ্যন্ত কুকুৰ ধৰাৰ অভিযান চলোৱা হৈছিল।

এই অভিযানৰ কেইবাখনো ছবি প’ষ্ট কৰা হয়। ইয়াৰে এখন ছবিয়ে স্পষ্ট ৰূপত প্ৰকাশ কৰিছিল সম্পূৰ্ণ ঘটনাটো। ছবিত স্পষ্ট ৰূপত প্ৰকাশ কৰিছিল সম্পূৰ্ণ ঘটনাটো। কুকুৰবিলাকে খালী শৰীৰত এটা মাত্ৰ হাফপেন্ট পৰিধান কৰি শুই থকা এজন লোকক আগুৰি ধৰি ৰৈ আছে। অনুমান কৰা মতে, তেওঁলোকৰ পালক স্বৰূপ লোকজনক ধৰি লৈছিল কুকুৰকেইটাই। সেয়েহে পালকক পৌৰসভাৰ কৰ্মীসকলৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰতিৰোধী ভংগিমাৰে নামি পৰিছিল কুকুৰকেইটাই।

সন্মুখত বিপদৰ উমান পোৱাৰ পাছতে আঁতৰি যোৱা নাছিল কুকুৰকেইটা পৌৰসভাৰ কৰ্মীয়ে আটাইকেইটা কুকুৰক এটা সময়ত আবদ্ধ কৰি লৈ যায়। ফেচবুক পৃষ্ঠাত জনোৱা অনুসৰি উক্ত নিশা ২০ টা পথত কাজং পৌৰসভাই কুকুৰ ধৰাৰ বাবে আভিযান চলাইছিল। ফেচবুকত ছবি ভাইৰেল হোৱাৰ পাছত বিভিন্নজনে এই বিষয়ত মন্তব্য কৰে। বহুজনে মন্তব্যত কয় যে কুকুৰৰো নিজৰ মতে জীৱন যাপন কৰাৰ অধিকাৰ আছে। কুকুৰৰ আধিকাৰ মানুহৰ স্বাৰ্থত খৰ্ব কৰাটো কেটিয়াও উচিত পদক্ষেপ হ’ব নোৱাৰে। সেয়েহে কুকুৰবিলাকক পথত ধৰি নিয়াটোক কেতিয়াও মান্যতা দিব নোৱাৰি।