Bus Taking Cops After Poll Duty Overturns In Madhya Pradesh : নিৰ্বাচনৰ দায়িত্ব সামৰি ঘূৰি অহাৰ পথত সুৰক্ষা কৰ্মীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত;আহত ২১জনকৈ সুৰক্ষা কৰ্মী
নেশ্যনেল ডেস্ক,২০এপ্ৰিল : নিৰ্বাচনৰ দায়িত্ব সামৰি ঘূৰি অহাৰ পথত সুৰক্ষা কৰ্মীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত । ফলত আহত ২১জনকৈ সুৰক্ষা কৰ্মী(Bus Taking Cops After Poll Duty Overturns In Madhya Pradesh) ।
মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। শুকুৰবাৰে দেশৰ মুঠ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সম্পন্ন হৈ যায় অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।এই ভোটগ্ৰহণৰ দায়িত্ব সামৰি ঘূৰি অহাৰ পথতে শনিবাৰে পুৱতি নিশা মধ্যপ্ৰদেশৰ বেতুলত সংঘটিত হয় এক দুৰ্ঘটনা(Bus Taking Cops After Poll Duty Overturns In Madhya Pradesh, 21 Injured)।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ত মধ্যপ্ৰদেশত মুঠ ৬ টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ইয়াৰে ছিন্দৱাৰাত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ দায়িত্বত আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ সুৰক্ষাকৰ্মীসকল।দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ৪০ জন সুৰক্ষা কৰ্মী। ইয়াৰ মাজত আছিল কেইবাজনো গৃহৰক্ষীৰ জোৱান। তেওঁলোকে ছিন্দৱাৰাৰ পৰা ভোপাল-বেতুল ৰাজপথৰে ৰাজগড়লৈ উভতিছিল( 21 injured after bus taking cops after poll duty overturns)।
এই উভতনি যাত্ৰাতে শনিবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ফলত ২১ জনকৈ সুৰক্ষা কৰ্মী আহত হয়। ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক।
বেতুলৰ এছ ডি পি অ’ শালিনী পাৰাষ্টে ঘটনা সন্দৰ্ভত কয়, ”দুৰ্ঘটনাগ্ৰস্ত বাছখনত কেন্দ্ৰীয় বাহিনীৰ জোৱান, আৰক্ষী কৰ্মী আৰু গৃহৰক্ষী জোৱান মিলাই মুঠ ৪০ জন লোক আছিল। ছিন্দিৱাৰাত ভোটগ্ৰহণৰ দায়িত্বত আছিল তেওঁলোক। তাৰ পৰাই ৰাজগড়লৈ উভতিছিল।’
ইয়াৰোপৰি তেওঁ প্ৰাথমিক তদন্ত অনুসৰি কয়, এখন ট্ৰাক পাৰ হৈ যোৱাৰ সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাজপথেৰে গৈ থকা আন আন বাহনসমূহ ৰখাই চালকসকলে উদ্ধাৰ অভিযান চলাই আৰু স্থানীয় আৰক্ষীকো খবৰ দিয়ে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে আহাতসকলক স্থানীয় হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।
লগতে পঢ়ক : Congress workers join BJP : বাজপেয়ী ভৱনত কংগ্ৰেছৰ ২০০ নেতা-কৰ্মীৰ বিজেপিত যোগদান